*ড: নগেন শইকীয়া আৰু পদ্মশ্ৰী ড: অৰূপ কুমাৰ দত্তক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিত আছে ১৬ জন সদস্য*
বিকল্প ৰাজনৈতিক দল গঠনত এখোজ আগবাঢ়িল সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।জাতীয় সংগঠন দুটাৰ প্ৰচেষ্টাত গঠন হ'ল 'অসম পৰামৰ্শদাতা সমিতি।বিশিষ্ট বুদ্ধিজীৱী,সাহিত্যিক ড:নগেন শইকীয়া আৰু পদ্মশ্ৰী ড: অৰূপ কুমাৰ দত্তক উপদেষ্টা হিচাপে লৈ গঠিত সমিতিত আছে ১৬ গৰাকী সদস্য।পাণবজাৰৰ হোটেল প্ৰাগ কন্টিনেন্টেলত সংগঠন দুটাই বুধবাৰে যুটীয়াভাৱে সম্বোধন কৰা সংবাদমেলত এই কথা ঘোষণা কৰে।অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ লক্ষ্যৰে শৈক্ষিক-সামাজিক- অৰ্থনৈতিক-ৰাজনৈতিক পৰিকল্পনা যুগুত কৰি সময়সাপেক্ষে পদক্ষেপ গ্ৰহণৰ উদ্দেশ্যেৰে কমিটীখন গঠন কৰা হৈছে।জাতীয় সংগঠন দুটাৰ স্পষ্ট কথা অসম পৰামৰ্শদাতা সমিতিয়ে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানেৰে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব।
গুৰুত্বপূৰ্ণ যে সমিতিৰ সদস্যসকল হৈছে-প্ৰাক্তন ৰাজ্যপাল ৰণজিৎ শেখৰ মুছাহাৰী, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা,প্ৰাক্তন অধ্যাপক ড: কৃষ্ণ গোপাল ভট্টাচাৰ্য্য,প্ৰাক্তন সহকাৰী অধ্যাপক বসন্ত ডেকা,ধীৰেণ শইকীয়া,আলী হাইদৰ লস্কৰ, ৰাণা চাংমাই,আবু চাহিদ ৰফিকউদ্দিন আহমেদ,সঞ্জয় কুমাৰ তাঁতী,পৃথ্বিৰাজ ৰাভা, সূৰ্য ঠাওছেন,হুছেইন আহমেদ লস্কৰ, প্ৰণৱজ্যোতি শইকীয়া,প্ৰদীপ কোঁচ।ইয়াৰ উপৰিও 'আছু'ৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক প্ৰাৰম্ভিক কামৰ সমন্বয়ক হিচাপে ৰখা হৈছে।
তাপৰ্যপূৰ্ণ যে সমিতিয়ে আগন্তক দিনত যিসমূহ পৰামৰ্শ দিব,সেই পৰামৰ্শৰে আগবাঢ়িব অসমৰ বিকল্প ৰাজনৈতিক শক্তি।
সংবাদমেলত উপস্থিত থাকে 'আছু' সভাপতি দীপাংক নাথ,সম্পাদক লুৰিনজ্যোতি গগৈ, উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা,সাধাৰণ সম্পাদক পলাশ চাংমাই।
- Log in to post comments
- 52 views