ৰাজ্যৰ বিকল্প ৰাজনীতি সন্দৰ্ভত আছু-যুৱ ছাত্ৰ পৰিষদে কৰিব পাৰে ডাঙৰ ঘোষণা!আজি ১২ বজাত যুটীয়া সংবাদমেল

Aasu

ৰাজ্যৰ ৰাজনীতিত বিকল্প শক্তিৰ উত্থানক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে আজি দিনৰ ১২ বজাত সদৌ অসম ছাত্ৰ স্থান আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যবাসীক সম্বোধন কৰিব এক যৌথ সংবাদমেল।পাণবজাৰৰ হোটেল প্ৰাগ কন্টিনেন্টেলেত জাতীয় সংগঠন দুটাৰ কেন্দ্ৰীয় নেতৃত্বই যৌথভাৱে সম্বোধন কৰিব সংবাদমেল।

উল্লেখ যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বিকল্প ৰাজনৈতিক দল গঠন হোৱাৰ বিষয়ে ৰাজ্যজুৰি চৰ্চা চলি থকাৰ সময়তে সংগঠন দুটাৰ আজিৰ সংবাদমেলখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ইফালে উক্ত সংবাদমেলতে 'কা' আন্দোলনৰ কাৰ্যসূচীৰ কথাও ঘোষণা হ'ব পাৰে।

Your Comments