*কলেজসমূহক ২৫% আসন বৃদ্ধি কৰাৰ নিৰ্দেশ মন্ত্ৰী ড:হিমন্ত বিশ্ব শর্মাৰ*
চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ বাবে সুখবৰ।১৫ অক্টোবৰৰ ভিতৰত লাভ কৰিব স্কুটী।'প্ৰজ্ঞা ভাৰতী' আঁচনিৰ অধীনত ৫২/৫৫ হাজাৰ টকাৰে প্ৰদান কৰা হ'ব বিনামূলীয়া স্কুটী।জনতা ভৱনৰ সংবাদমেলত এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে চলিত বর্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষত প্ৰথম বিভাগ লাভ কৰা ২২ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটী।
"ৰাজ্য চৰকাৰে সাধাৰণ স্কুটী প্ৰদানৰ ব্যৱস্থা কৰিছে যদিও কোনো ছাত্ৰীয়ে যদি বৈদ্যুতিক চালিত স্কুুটী বিচাৰে তেন্তে Sebaonline.org জৰিয়তে আবেেদন কৰিব পাৰিব"-লগতে কয় মন্ত্ৰীগৰাকীয়ে।
আনহাতে,স্কুটীসমূহৰ পঞ্জীয়ন ছাত্ৰীগৰাকীয়ে কৰিব লাগিব।লগতে তিনি বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব স্কুটীসমূহ।
ইয়াৰ উপৰিও সংবাদমেলত মন্ত্ৰী শৰ্মাই কলেজসমূহক এই বৰ্ষৰ বাবে ২৫% আসন বৃদ্ধি কৰাৰো নিৰ্দেশ প্ৰদান কৰে।উক্ত আসনসমূহ ৰাজ্যিক কাউঞ্চিলৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব।
- Log in to post comments
- 16 views