*পহিলা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ যোগদান বাধ্যতামূলক,অন্যথা কৰ্তন হ'ব দৰমহা-মন্ত্ৰী শৰ্মা*
ৰাজ্যৰ টেট উত্তীৰ্ণলৈ ভাল খবৰ।জনতা ভৱনৰ সংবাদমেলত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ।
অহা ২৭ আগষ্টত নিম্ন আৰু উচ্চ প্ৰাথমিক টেট উত্তীৰ্ণক প্ৰদান কৰিব নিযুক্তি-পত্ৰ।প্ৰায় ৬-৭ হাজাৰ টেট উৰ্ত্তীণক প্ৰদান কৰা হ'ব নিযুক্তি -পত্ৰ।গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত প্ৰতীকী হিচাপে ৩০০ টেট উৰ্ত্তীণক উক্ত দিনা শিক্ষা বিভাগে প্ৰদান কৰিব নিযুক্তি-পত্ৰ।বাকীসকলে ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পাৰিব নিযুক্তি-পত্ৰসমূহ।এই কথা ঘোষণা কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে,হাইস্কুলৰ টেট উৰ্ত্তীণসকলৰ নিযুক্তিৰ বাবে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত শিক্ষা বিভাগে জাৰি কৰিব বিজ্ঞাপন।হাইস্কুলত নিযুক্তিৰ বাবে ৭৪৪০ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়।উক্ত পদসমূহত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নিযুক্তি দিয়া হ'ব টেট উৰ্ত্তীণসকলক।লগতে তেওঁ কয়।
গুৰুত্বপূৰ্ণ সংবাদমেলখনত ৰাজ্যত স্কুল মুকলি কৰাৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।তেওঁ কয়-"২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু কৰ্মচাৰীসকলৰ ক'ভিড টেষ্ট কৰাটো বাধ্যতামূলক।অহা ১ ছেপ্টেম্বৰৰ পৰা কৰ্মস্থলীত যোগদান কৰিব লাগিব শিক্ষক- শিক্ষয়ত্ৰীসকলে।বিদ্যালয় খোলাৰ বাবে যিকোনো মুহূৰ্ততে জাননী প্ৰকাশ কৰিব বিভাগে।অন্যথা দৰমহা কৰ্তন হ'ব শিক্ষকসকলৰ।
- Log in to post comments
- 78 views