মিছা কথাৰে বিজেপিত দ্বিতীয় ইনিংছৰ আৰম্ভণি শিৱসাগৰৰ অংশুমিতা গগৈৰ,ৰাজ্যৰ বন্যাৰ্তক কৰিলে উপলুঙা

Angsumita Gogoi

*ৰাজ্যৰ বানপানী সমস্যাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'ৰাষ্ট্রীয় সমস্যা'ৰ স্বীকৃতি দিয়া বুলি সংবাদমেলত ভুৱা প্ৰচাৰ*

ক্ষমতাৰ স্বাৰ্থত মানুহ কিমান তললৈ নামিব পাৰে তাকে পুনৰবাৰ প্ৰমাণ কৰিলে বিজেপিত দ্বিতীয় ইনিংছ আৰম্ভ কৰা শিৱসাগৰৰ অংশুমিতা গগৈয়ে।ৰাজ্য বন্যাৰ্তক উপলুঙা কৰি গেৰুৱা পোছাক পৰিধান কৰিয়ে সংবাদমেল যোগে ঘোষণা কৰিলে চূড়ান্ত ভুৱা খবৰ।যি সময়ত ৰাজ্যত বানপানীত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈ দুৰ্ভিক্ষৰ জীৱন-যাপন কৰি আহিছে,তেনে সময়ত বিজেপি দলত দ্বিতীয়বাৰ যোগদান কৰিয়েই অংশুমিতাই চুড়ান্ত মিথ্যাচাৰ আশ্ৰয় গ্ৰহণ কৰি বান্যাৰ্তক উপলুঙাৰে কয় এইদৰে- "প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিছে।"

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ হোটেল গেটৱে  গ্ৰাউণ্ডত সম্বোধন কৰা সংবাদমেলত অংশুমিতাৰ মুখৰ পৰা এই কথা প্ৰকাশৰ পিছতে কেতিয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল বুলি সাংবাদিকে প্ৰশ্ন কৰাত থৰকাচুটি হেৰুৱাই পলৰীয়া মনোভাৱেৰে কয়- "কিছুদিনৰ আগতে হৈছে এইটো।প্ৰতিশ্ৰুতি নহয় স্বীকৃতি দিছে।"

উল্লেখ যে অসম লোকসেৱা আয়োগত ৰাকেশ পালৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ কথা পোহৰলৈ অনাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সেই গৰাকী অংশুমিতাই ক্ষমতাৰ স্বাৰ্থত নিজকে কিদৰে নিব পাৰিলে ইমান তললৈ সেইয়া নিশ্চয় বিচাৰ্যৰ বিষয়।

আনহাতে,'কা' আন্দোলনৰ সময়ত একমাত্ৰ নিজৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত বিজেপি ত্যাগ কৰা বুলি তেওঁ লগতে কয়।

Your Comments