কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ ন্যায়িক যুঁজলৈ শিল্পী মানস ৰবীনে প্ৰদান কৰিলে সাহায্য।'কা' বিৰোধী শিল্পীগৰাকীয়ে গগৈৰ মুক্তি বাবে নিজৰ পৰা আগবঢ়ালে দুই লাখ টকাৰ আৰ্থিক অনুদান।
আৰ্থিক অনুদান আগবঢ়াই শিল্পীগৰাকীয়ে কয়-"ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনা দায়িত্বও ৰাইজে ল'ব লাগিব।ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক।"
লগতে তেওঁ কয়-"অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈ ৰাইজে টঙালি বান্ধক।কথাতে কয় ৰাইজে নখ জোকাৰিলে নৈ বয়।"
গুৰুত্বপূৰ্ণ যে কৃষক নেতাগৰাকী কাৰাবন্দী হৈ থকা অৱস্থাত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ পিছত গুৱাহাটী মেডিকেল কলেজ হাস্পতালতো চিকিৎসাধীন অখিল গগৈক সাক্ষাৎ কৰিছিল মানস ৰবীনে।
'কা'ৰ বিৰুদ্ধে শিল্পী মানস ৰবীনে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।কৃষক নেতা গগৈৰ মুক্তিৰ বাবে বিভিন্ন সময়ত তেওঁ দাবী জনাই আহিছে।
- Log in to post comments
- 18 views