*নিবনুৱা সংস্থাপনত ব্যৰ্থ সোণোৱাল চৰকাৰ, ৪ বছৰত সংস্থাপন দিলে মাত্ৰ ৩৮ হাজাৰ*
সুদীৰ্ঘ ১২বছৰৰ মূৰত ঐতিহাসিক জজ খেলপথাৰত অনুষ্ঠিত হ'ল দেশৰ স্বাধীনতা দিৱস।ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰাৰ বাবে ন্যায়ালয়ৰ নিৰ্দেশত জজ খেলপথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱস।
কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক বিগত ৪ বছৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে।মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হয় ৰাজ্যৰ কৃষি খণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ কথা।ৰাজ্যৰ কৃষকসকলে ধানৰ যাতে উচিত মূল্য লাভ কৰে,তাৰ বাবে প্ৰতি জিলাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিব চৰকাৰে।একেদৰে ২২০টা ধানবনা কল স্থাপন কৰাৰ বাবে ৩০% ৰাজসাহায্য আত্মসহায়ক গোটসমূহক আগবঢ়াব বুলিও লগতে কয়।
ৰাজ্যৰ আত্মসহায়ক গোটসমূহক ৰাজসাহায্যত ১০০০খন মিনিট্ৰাক আগবঢ়াব চৰকাৰে।
ৰাজ্যৰ ৭৫ হাজাৰ বিঘা মাটিক জৈৱিক কৃষিভূমি হিচাপে বাচনি কৰিছে চৰকাৰে।
প্ৰতি জিলাত স্থাপন কৰা হ'ব দুগ্ধ সংসাধন উদ্যোগ।প্ৰথম পৰ্যায়ত মৰিগাঁওসহ অন্য দুখন জিলাত স্থাপন কৰা হ'ব।
কৃষকৰ উৎপাদিত শাক-পাচলি যাতে নষ্ট নহয়, তাৰ বাবে প্ৰতি জিলাত স্থাপন কৰা হ'ব শীতলীকৰণ ভঁৰাল।
বিল-জলাশয়সমূহ চিনাক্ত আৰু জৰীপ কৰি মৎস্য উৎপাদনৰ বাবে যুৱক-আত্মসহায়ক গোটত দিয়া হ'ব।
ৰাজ্যৰ ২৬৮ খন গাঁঁৱৰ পুনৰ জৰীপৰ কাম সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে।
মৰাণ-মটকৰ বাবে স্বায়ত্ব শাসিত ব্যৱস্থাৰ কথা চিন্তা কৰা হৈছে।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব।ক'ৰ'নাৰ বাবে ইয়াৰ কাম স্তিমিত হৈছে।
অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰ দায়বদ্ধ,আপোচ কৰা নহ'ব।ক'ৰ'নাৰ বাবে কমিটীৰ প্ৰতিবেদন লাভ কৰাৰ পিছতো আগবাঢ়িব পৰা নাই।
ভাৰত-বাংলাদেশৰ উন্মুক্ত নদীপথ উন্নত প্ৰযুক্তিৰে ছিল কৰি প্ৰব্ৰজন ৰোধ কৰা হ'ব।
ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বয়স পূৰ্বৰ ৩৮ বছৰৰ ৪০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
"বনাঞ্চল বৃদ্ধি কৰি প্ৰদূষণমূক্ত অসম গঢ়াত চৰকাৰ দায়বদ্ধ।ৰাজ্যত ২২১ বর্গ কিঃমিঃ বনাঞ্চল বৃদ্ধি হৈছে।৩৭৬৫ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে।বিগত ৪ বছৰত ২৪০ জন চোৰাং চিকাৰীক কৰায়ত্ত কৰা হৈছে"- সোণোৱালে নিজৰ ভাষণত এইদৰে কয়।
উল্লেখ যে ৰাজ্যৰ ২৪ লাখ নিবনুৱাক সংস্থাপনৰ কথাৰে শাসনৰ গাদীত বহা সোণোৱাল চৰকাৰ যে চৰকাৰী খণ্ডত নিবনুৱাৰ নিযুক্তিত চূড়ান্তভাৱে ব্যৰ্থ হৈছে,সেই কথা মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হয়।বিগত ৪ বছৰত চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিছে ৰাজ্যৰ ৩৮ হাজাৰ নিবনুৱাই।
ইফালে,ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ টেট আৰু ঠিকাভিত্তিক শিক্ষকৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰা বুলি তেওঁ লগতে কয়।
ইয়াৰ উপৰিও ৯৯৭খন হাইস্কুল, ৯ খন উচ্চতৰ মাধ্যমিক, ১৪৯খন কনিষ্ঠ মহাবিদ্যালয় আৰু ২৭খন কলেজ প্ৰাদেশীকৰণ কৰা হৈছে।তাত ৪০৯০ জন শিক্ষক-অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব।
- Log in to post comments
- 24 views