স্বাধীনতা দিৱসৰ প্রাক মুহূৰ্তত গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ অস্ত্ৰ ভাণ্ডাৰ 

Arms

*ডিচিপি ৰাজমোহন ৰায়ৰ নেতৃত্বত চলা অভিযানত ওদালগুৰি জিলাত উদ্ধাৰ অস্ত্ৰসমূহ*

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত গুৱাহাটী আৰক্ষীৰ বিশেষ সফলতা।ওদালগুৰি জিলাৰ তিনি ঠাইত অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰসমূহ।সমগ্ৰ অভিযানৰ নেতৃত্বত আছিল অভিযান শাখাৰ ডিচিপি ৰাজমোহন ৰায়।

Police Officer

উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে ৰাইফল দুটা,একে  ৪৭ পাঁচটা,একে ৫৬,দুটা এম-১৬,এয়াৰ গান এটা,৭টা ৯ এমএম পিষ্টল, মেগজিন(এ.কে/এল এম জি/ইনছাএছ) ২৩টা,৩৬ গ্ৰেনেড ৫টা,হেণ্ড বোমা ৫টা,৪০ এম এম গ্ৰেনেড ৭টা।

ইয়াৰ উপৰিও গুলী উদ্ধাৰ কৰা হৈছে ৭.৬২ এম এমৰ ১৬৬ ৰাউণ্ড,৩০৫ৰ ৩০০ ৰাউণ্ড, ৯ এম এমৰ ৭৯০ ৰাউণ্ড।

 

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ডিট'নেটৰ কেপ ২০০টা,ষ্ট্ৰাইকাৰ স্প্ৰিং ২০টা আৰু ৰাসায়নিক বিস্ফোৰক ২০কেজি।
এই কথা গুৱাহাটী পুলিচ ৰিজাৰ্ভত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

গুৰুত্বপূৰ্ণ যে সামগ্ৰীসমূহ এনডিএফবিৰ বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সমগ্ৰ অভিযান চলাইছিল গুৱাহাটী আৰক্ষীয়ে।গুৱাহাটী আৰক্ষীৰ অভিযানত সহায় কৰিছিল ওদালগুৰি আৰক্ষীয়ে।

তাৎপৰ্যপূৰ্ণ যে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আৰক্ষীৰ এয়া এটা বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে।

Your Comments