*উগ্ৰপন্থীৰ হাতত মৃত্যু হোৱাসকলক শ্বহীদ ঘোষণা কৰিব লাগে*
"উত্তৰ-কাছাৰ পাৰ্বত্য জিলা ডিমা হাছাওত ২০০৮ চনত উগ্ৰপন্থীৰ উপদ্ৰৱত বন্ধ হৈ পৰা লামডিং-শিলচৰ ব্ৰডগজ ৰেললাইন আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কাম চলাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে স্বয়ংক্ৰিয় অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰি নিয়োগ কৰিছিল অসম বিশেষ আৰক্ষী বিষয়াসকলক।দুৰ্গম অঞ্চলত উগ্ৰপন্থী বিৰোধী প্ৰশাসনৰ বিভিন্ন অপাৰেচনত জড়িত হৈ সেৱা আগবঢ়োৱা এছ পি অ' সকলৰ চাকৰি নিয়মীয়া নহ'ল।উগ্ৰপন্থী দমনত প্ৰশাসনক সকলো প্ৰকাৰেৰে সহায় কৰি অহা বিশেষ আৰক্ষী বিষয়াসকলে স্থায়ী নিযুক্তিৰ বাবে চৰকাৰক বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই অসম চৰকাৰৰ গৃহ বিভাগে"-এই গুৰুতৰ অভিযোগ সদৌ অসম বিশেষ আৰক্ষী বিষয়া কল্যাণ সমিতিৰ সম্পাদক প্ৰহ্লাদ দাসৰ।
গুৰুত্বপূৰ্ণ যে ২০১২ চনত এইসকল এছ পি অ'ক স্থায়ী সংস্থাপনৰ বাবে তৃতীয় এ আই এছ এফ বেটেলিয়ান গঠন কৰা হৈছিল যদিও ২০১৮ বর্ষ ডিচেম্বৰ মাহত সোণোৱাল চৰকাৰে তাক বন্ধ কৰি দিয়ে।তাৎপৰ্যপূৰ্ণ যে তৃতীয় এ আই এছ এফ ৰ বাবে তেওঁলোকৰ সৈতে চুক্তিও স্বাক্ষৰ কৰা হৈছিল।কিন্তু পৰৱৰ্তী সময়ত সেই চুক্তিও অসাৰ হ'ল।
আনহাতে,ৰাজ্যৰ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰাৰ বাবে অনুমতি বিচাৰিও লাভ নকৰিলে সাক্ষাৎ।অথলে গ'ল মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি।এই কথা গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে সম্বোধন কৰা সংবাদমেলত প্ৰকাশ কৰে সম্পাদক দাসে।
'২১ৰ নিৰ্বাচনৰ পূৰ্বে যদি স্থায়ী সংস্থাপন প্ৰদান কৰা নহয়,তেন্তে ৰাজ্যেজুৰি ৭০০ জোৱানে নির্বাচনী প্ৰচাৰৰ বাবে যোৱা মন্ত্ৰী-বিধায়ক-জনপ্ৰতিনিধি শসকলৰ প্ৰৱেশ বন্ধ কৰিব বুুলি দাসে স্পষ্টকৈ ঘোষণা কৰে।
ইফালে,যিসকল তেওঁলোকৰ সতীৰ্থৰ উগ্ৰপন্থীৰ অভিযানত মৃত্যু হৈছে,তেওঁলোকক শ্বহীদ ঘোষণা কৰিব লাগে আৰু পৰিয়ালক সংস্থাপন নতুবা আৰ্থিক অনুদান প্ৰদান কৰিব লাগে বুলি দাবী কৰে।
- Log in to post comments
- 81 views