"খিলঞ্জীয়া অসমীয়াৰ কথা কোৱাৰ পূৰ্বে বাংলাদেশৰ পৰা খেদা খাই অহা শিলাদিত্যই নিজৰ পৰিচয় চিনি লওঁক"

Goria-moria

*ছৈয়দ আব্দুল মালিকক অপমান কৰাৰ সাহস ক'ত পালে শিলাদিত্যই-গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদ*


অসমীয়া ভাষা-সংস্কৃতিৰ সাধক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা হোজাই সমষ্টিৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰ দাবীত গুৱাহাটীত প্ৰতিবাদ।সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাপ্তাহিক লকডাউনৰ মাজতে দেওবাৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবীৰে সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।হাতে-হাতে প্লে'কাৰ্ড লৈ সামাজিক দূৰত্ব মানি সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ

শিলাদিত্য লেই-লেই-চে-চেই,শিলাদিত্য হুচিয়াৰ,অসম চৰকাৰ হায় হায়,সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্লোগান প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুৰ আহমেদে কয়- "বাংলাদেশৰ পৰা খেদা খাই আহি বিধায়ক হোৱা শিলাদিত্য দেৱে অসমৰ সাতামপুৰুষীয়া একতাৰ এনাজৰীডাল সাম্প্ৰদায়িক মন্তব্যৰে বিনষ্ট কৰিবলৈ বিভিন্ন সময়ত চেষ্টা চলাই আহিছে।অসমীয়া ভাষা- সংস্কৃতিৰ সাধক ছৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে অপমানসূচক  মন্তব্য কৰিবলৈ তেওঁ সাহস ক'ত পালে।"

"শিলাদিত্যই প্ৰথমে নিজৰ পৰিচয় ভালদৰে চিনি লওঁক।অসমৰ ইতিহাস, সাহিত্য-সংস্কৃতি সম্পৰ্কে জ্ঞান অৰ্জন কৰক।খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰাৰ আগতে দহ বাৰ চিন্তা কৰক"-আহমেদে কয়।

চৰকাৰে যদি শিলাদিত্যক গ্ৰেপ্তাৰ কৰিবলৈ নোৱাৰে,তেন্তে অসমবাসীয়ে ধৰি-বান্ধি বাংলাদেশত থৈ আহিব বুলিও কয় সভাপতিগৰাকীয়ে।সমগ্ৰ ৰাজ্যজুৰি শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবীত সংগঠনটোৱে গোচৰ ৰুজু কৰা বুলিও লগতে কয়।

উল্লেখ যে হোজাইৰ বিতর্কিত বিজেপি বিধায়কগৰাকীয়ে ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল।

শিলাদিত্যই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে,গতিকে তেওঁক চৰকাৰে তেজপুৰৰ মানসিক চিকিৎসালয়ত ভৰ্তি কৰক,নহয় গ্ৰেপ্তাৰ কৰক বুলিও সংগঠনটোৱে উল্লেখ কৰে।

Your Comments