ঘৰ সাজিলে কেমেৰাৰ আকৃতিৰ,৩ পুত্ৰৰ নাম দিলে কেনন,নিকন আৰু এপচন!পিছে কোন এইজন বিশেষ ব্যক্তি?

House

কেমেৰাৰ প্ৰতি কিমান প্ৰেম থাকিলে এজন ব্যক্তিয়ে নিজৰ পুত্ৰৰ নাম ৰাখিব পাৰে কেমেৰা কোম্পানীৰ নামত,সাজিব পাৰে নিজৰ ঘৰ কেমেৰা আকৃতিৰ?

Camera House

এটা আজৱ ঘটনা।এই আজৱ ঘটনাটো সংঘটিত হ'ল বেংগালুৰুত।বেংগালুৰুৰ ৰবি সংগাল নামৰ ৪৯ বছৰীয়া ব্যক্তিজন পেছাত এজন ফটোগ্ৰাফাৰ।কেমেৰাৰ প্ৰতি থকা দুৰ্বাৰ ভালপোৱাৰ বাবেই তেওঁ তিনি পুত্ৰৰ নাম ৰাখিলে ক্ৰমে কেনন(Canon), নিকন(Nikon),এপচন (Epson)।পিছে 
ইমানতেই তেওঁ ক্ষান্ত নহ'ল।

এইবাৰ তেওঁ ৭১ লাখ টকা ব্যয়েৰে সম্পূৰ্ণ কেমেৰা আকৃতিৰে সাজি পেলালে তেওঁৰ আপোন ঘৰটো।ঘৰটো সম্পূৰ্ণ কৰোঁতে তেওঁৰ সময় লাগিল আঢ়ৈ বছৰ।যিটো ঘৰ এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ লগতে সৰ্বত্ৰে চৰ্চা হৈছে।বৰ্তমান ঘৰটোৰ সন্মুখত চেলফি লবলৈ বহুতো মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে বুলি ৰবিয়ে জনায়।

Your Comments