শিক্ষাৰ্থীক জলপানি প্ৰদানৰ বাবে সমিধানৰ "স্ক'লাৰ এচিষ্ট"

Organization

এটা দশক ধৰি ছাত্ৰ সমাজক কেৰিয়াৰ সম্বন্ধীয় সমাধান আগবঢ়াই অহা 'সমিধান' নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদানৰ বাবে "স্ক'লাৰ এচিষ্ট" নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।"স্কলাৰ এচিষ্ট"ৰ মূল উদ্দেশ্য আৰ্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য ছাত্ৰ-ছাত্ৰীৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰা।এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান ৬টা ছাত্ৰবৃত্তি সমিধানৰ ৱেবছাইট www.xomidhan.org ত উপলব্ধ কৰা হৈছে।

বৃত্তিসমূহ ক্ৰমান্বয়ে-
১)বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে অশোক কুহৰ বৃত্তি।
২)চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সোঁৱৰণী ন্যাস বৃত্তি।
৩)বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল-অলকা দত্ত বৃত্তি। ৪)উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সোঁৱৰণী বৃত্তি।
৫)বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰুৱা-হাজৰিকা বৃত্তি,আৰু
৬)গণিত চ'ৰা বৃত্তি।

এই বৃত্তিসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে সমিধানৰ ৱেবছাইটত সবিশেষ জানিব পাৰিব। আনহাতে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক xomidhan@gmail.com ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে।

উল্লেখ্য যে ২০১০ চনত স্থাপিত সমিধান হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কেৰিয়াৰ কাউন্সেলিং প্ৰদানকাৰী স্বেচ্ছাসেৱী সংগঠন। সমিধানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়ত অভিজ্ঞ ২৭৩ গৰাকী পঞ্জীকৃত কাউন্সেলৰ জড়িত হৈ আছে।কাউন্সেলৰসকলৰ ভিতৰত প্ৰায় ২০গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী,অসমৰ পৰা ভাৰতীয় লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা ৫ গৰাকী বিষয়া,আইআইটি,আইআইএম আদিৰ দৰে শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ব্যক্তি,মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত স্থানপ্ৰাপ্ত কেবাগৰাকীও কৃতীমান,আমেৰিকা আৰু ইউৰোপৰ খ্যাতিমান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী, প্ৰতিষ্ঠিত সাংবাদিক,ৰাজনীতিবিদ,কৰ্প’ৰেট খণ্ডত প্ৰতিষ্ঠিত ব্যক্তি জড়িত হৈ আছে।

উল্লেখ্য যে স্বেচ্ছাসেৱী সংস্থা 'সমিধান'- এ   ক'ৰ'না মহামাৰীৰ সময়ছোৱাতো ক'ৰ'না সচেতনতা সম্পৰ্কীয় লাইভ ছেচন তথা কেৰিয়াৰ সম্পৰ্কীয় ZOOM লাইভ ছেচন অনুষ্ঠিত কৰি আহিছে।কলা, বিজ্ঞান, চিনেমা আদিকে ধৰি বহুকেইটা বিষয়ত লাইভ ছেচন অনুষ্ঠিত হৈ যায়।অহা ১৯ জুলাইত খেল সম্পৰ্কীয় পৰৱৰ্তী লাইভ ছেচনখন অনুষ্ঠিত হ'ব।সেই সম্পৰ্কীয় সকলো তথ্য সমিধানৰ ফেচবুকত পেজত উপলব্ধ।

সমিধান 'স্কলাৰ এচিষ্ট' পাবলৈ https://forms.gle/uwvEqToi47T63wY36 এই লিংকৰ জড়িয়তে আবেদন কৰিব পাৰে অথবা কোনো যোগ্য ছাত্ৰ-ছাত্ৰী আপোনাৰ চকুত থাকিলে তেওঁলোকক এই লিংকৰ জড়িয়তে আবেদন কৰিবলৈ জনাবলৈ অনুৰোধ জনালোঁ।

Your Comments