অৱশেষত নিষ্ঠুৰ নিয়তিৰ আগত হাৰ মানিলে দক্ষ আৰক্ষী বিষয়া ৰঞ্জিত দাসে

Police

নিষ্ঠুৰ নিয়তিৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে অসম আৰক্ষীৰ দক্ষ বিষয়া ৰঞ্জিত দাসে।বৃহস্পতিবাৰে শৰীৰ চৰ্চা কৰি থাকোতেই হঠাত্‍ অসুস্থ হৈ পৰিছিল ৰঞ্জিত দাস।পিছত সংকটজনক অৱস্থাত জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰক্ষী বিষয়াগৰাকীক।চিকিত্‍সকে জনোৱা মতে, তেওঁৰ হৈছিল ষ্ট্ৰ’ক আৰু চিকিত্‍সাধীন অৱস্থাতে শনিবাৰে পুৱা ১০.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

ক'ৰ'নাৰ বিৰুদ্ধে যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দি গৈছিল ৰঞ্জিত দাসে।জালুকবাৰী সংমণ্ডলৰ যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত দক্ষ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে।

Your Comments