পুনৰ জ্বলিছে বাঘজান।কিন্তু নিৰ্বাপিত নহয় বাঘজানৰ এইকুৰা জুই।কিয়নো চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে এইবাৰ ক্ষোভৰ জুইত জ্বলিছে বাঘজানবাসী।
তাৰ মাজতে বাঘজানত সংঘটিত হ'ল এটা হৃদয়বিদাৰক ঘটনা।অত্যাধিক মানসিক কষ্টেৰে যুঁজি থকা এগৰাকী ব্যক্তিয়ে বিষপান কৰি আত্মহত্যা কৰে।জানিব পৰা মতে বিগত কিছুদিন পূৰ্বে সংঘটিত হোৱা বাঘজানৰ জুইকুৰাত সৰ্বস্ব হেৰুৱাইছিল শুক্লেশ্বৰ নেওগ নামৰ এগৰাকী দুৰ্ভগীয়া ব্যক্তিয়ে।এই ঘটনাটোৰ পিছতেই ক্ৰমান্বয়ে মানসিকভাৱে ভাগি পৰিছিল শুক্লেশ্বৰ নেওগ।ইয়াৰ পিছতে শনিবাৰে পুৱাৰ ভাগতে বাঘজানৰ নিজৰ ক্ষতিগ্ৰস্ত ঘৰখনলৈ গৈ বিহ পান কৰে লোকজনে।অৱশেষত চিকিৎসালয়তে মৃত্যুৰে যুঁজি হাৰ মানিলে শুক্লেশ্বৰ নেওগে।আবেলি ৩.৩০বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় লোকজনে।ইয়াৰ পিছতে ক্ৰমাৎ পুনৰ উত্তপ্ত হৈ পৰে বাঘজানৰ পৰিস্থিতি।বাঘজানৰ শিবিৰত থকা লোকসকলে প্ৰতিকূল বতৰকো নেওচি পুনৰ ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
বাঘজান তৈলখাদলৈ যোৱা পথৰ লগতে কেইবাটাও স্থানত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আশ্ৰয় শিবিৰত থকা ভুক্তভোগী বাঘজানবাসীয়ে।শনিবাৰৰ ভিতৰতেই অইল ইণ্ডিয়া,চৰকাৰ তথা জিলা প্ৰশাসনে ভুক্তভোগী বাঘজানবাসীক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাইছে।বিগত ৫৩ দিনে বাঘজানবাসী ৰাইজে অইল ইণ্ডিয়াক সম্পূৰ্ণ সহযোগ আগবঢ়াই আহিছিল যদিও আজি পৰ্যন্ত কিন্তু বাঘজান বিজিআৰ-৫ নম্বৰ তৈলখাদৰ অগ্নিকাণ্ড নিৰ্বাপণ কৰিবলৈ সক্ষম নহ'ল অইল কৰ্তৃপক্ষ।
- Log in to post comments
- 23 views