নিউজ ডেস্ক :
কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ জামিন আজি মঞ্জুৰ কৰে নিয়া'ৰ বিশেষ আদালতে।
১৩/১৯ নম্বৰত চান্দমাৰী থানাত ৰুজু হৈ থকা গোচৰত ধৈৰ্য্য কোঁৱৰৰ জামিন মঞ্জুৰ কৰাৰ পাছতেই নেতাগৰাকী মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ'ল। উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে এই জামিনৰ বাবে আদালতত আবেদন দাখিল কৰিছিল।
উল্লেখ্য যে কা' আন্দোনৰৰ সময়ত যোৱা ডিচেম্বৰ মাহতে গ্ৰেপ্তাৰ হৈছিল কৃষক নেতা গৰাকী।বিগত সাত মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা কোঁৱৰ শেহতীয়া ভাৱে ক'ৰনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে।জানিব পৰা মতে নেতাগৰাকীৰ আজি কভিড-১৯ৰ স্বোৱাবৰ ফলাফল নেগেটিভ আহিলেই কাৰাগাৰ পৰিৱৰ্তে মুকলি আকাশৰ তললৈ তেওঁ আহিব পাৰিব।
জানিব পৰা মতে ৰাজ্যৰ বিভিন্ন থানাত মুঠ পাঁচটাকৈ গোচৰ ৰুজু হৈ আছিল কোঁৱৰৰ বিৰুদ্ধে।সকলো কেইটা গোচৰতে ইতিমধ্যেই জামিন লাভ কৰিছে নেতাগৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে ইতিমধ্যে একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱালে লাভ কৰিছে জামিন।আনহাতে কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি হ'ব অহা ২১ জুলাইত।
- Log in to post comments
- 9 views