মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ধৈৰ্য কোঁৱৰৰ

Dhaijya Konwor

*আজি স্বোৱাব টেষ্টৰ ফলাফল নিগেটিভ আহিলে মুকলি আকাশৰ তললৈ আহিব পাৰিব ধৈৰ্য- অধিবক্তা*

কাৰাৰুদ্ধ কৃষক মুক্তি সংগ্রাম সমিতি সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰৰ জামিন মঞ্জুৰ।'নিয়া'ৰ বিশেষ আদালতে কৃষক নেতাগৰাকীৰ মঞ্জুৰ কৰিলে জামিন।

'নিয়া'ৰ ১৩/১৯ নম্বৰৰ চানমাৰি থানাৰ গোচৰত ধৈৰ্য্য কোঁৱৰৰ জামিন মঞ্জুৰ কৰাৰ পিছতে মুকলি আকাশৰ তললৈ অহাৰ পথ      প্ৰশস্ত হ'ল।জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে আবেদন দাখিল কৰিছিল জামিনৰ।


উল্লেখ যে 'কা' আন্দোনৰৰ সময়ত যোৱা ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হৈছিল কৃষক নেতাগৰাকী।বিগত সাত মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা ধৈৰ্য কোঁৱৰ শেহতীয়াভাৱে ক'ৰ'নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।আজি ক'ভিড-১৯ৰ স্বোৱাব ফলাফল নিগেটিভ আহিলে মুকলি আকাশৰ তললৈ আহিব কোঁৱৰ।

ৰাজ্যৰ বিভিন্ন থানাত মুঠ পাঁচটাকৈ গোচৰ আছিল কোঁৱৰৰ বিৰুদ্ধে।সকলোতে ইতিমধ্যে লাভ কৰিছে জামিন।

গুৰুত্বপূৰ্ণ যে ইতিমধ্যে একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ আৰু বিতু সোণোৱালে লাভ কৰিছে জামিন।আনহাতে,কৃষক নেতা অখিল গগৈৰ জামিনৰ শুনানি হ'ব অহা ২১ জুলাইত।

Your Comments