মহানগৰীৰ অসমীয়া পথ ব্যৱসায়ীক ভাতে মৰাৰ ব্যৱস্থা নকৰিব -অসম সংগ্ৰামী মঞ্চ

গুৱাহাটী ১৭ জুলাই : 
যোৱা চাৰিমাহ ধৰি গুৱাহাটীৰ পথ ব্যৱসায়ীৰ ব্যৱসায় বন্ধ। মহানগৰখনত পথ ব্যৱসায় কৰা ৪৫ হাজাৰ অসমীয়া লোক আজি মহাসংকটত। এইসকল আত্মনিৰ্ভৰশীল অসমীয়াক সহযোগ আগবঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে অসম সংগ্ৰামী মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিয়ে।
    এক বিবৃতিত মহানগৰ সমিতিৰ সভাপতি ৰমেন্দ্ৰমল্ল বুজৰবৰুৱা আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে অজয় তালুকদাৰ আৰু বিকাশ নাৰায়ণ শৰ্মাই জনায় যে পথ ব্যৱসায় কৰাসকলৰ উপাৰ্জন শূন্য হৈ পৰাত এতিয়া ব্যৱসায়ৰ পৰা থকা জমা ধনো শেষ হ'ল। প্ৰধানমন্ত্ৰী পথ ব্যৱসায়ী আত্মনিৰ্ভৰ নিধি যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ত পথ ব্যৱসায়ীসকলক ১০ হেজাৰ টকাকৈ ঋণ দিয়াৰ ঘোষণা কৰিছিল যদিও অসমত এটকাও দিয়া পৰিলক্ষিত নহ'ল। অসম সংগ্ৰামী মঞ্চই এইসকল অসমীয়া ব্যৱসায়ীৰ পক্ষত থিয় হ'বলৈ চৰকাৰক দাবী জনায়। পথ ব্যৱসায়ীসকলৰ বাবে গ্ৰহণ কৰা আইনখনৰ জড়িয়তে মহানগৰত ভেণ্ডিং জ'ন স্হাপন কৰি অতি ক্ষুদ্ৰ এই ব্যৱসায়ীসকলক সংস্হাপিত কৰিবলৈও চৰকাৰক দাবী জনায়।
   সংগ্ৰামী মঞ্চৰ মহানগৰ সমিতিৰ নেতা বুজৰবৰুৱা, তালুকদাৰ আৰু শৰ্মাই ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি জনায় যে মহানগৰৰ আৰ্য বিদ্যাপীঠৰ কাষত, দেওৰা কলেজৰ কাষত, বশিষ্ঠৰ মেঘাপ্লাজাৰ সন্মুখত, আইএছবিটিৰ সন্মুখত, আঠগাওঁ ব্ৰীজৰ তলত, জালুকবাৰী, খানাপাৰা, মঠঘৰীয়া আদি অঞ্চলত ভেণ্ডিং জ'ন স্হাপন কৰাৰ সিদ্ধান্ত গুৱাহাটী পৌৰ নিগমে আজিও কাৰ্যকৰী কৰা নাই। ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত তৎকালে ব্যৱস্হা গ্ৰহণ কৰিবলৈ অসম সংগ্ৰামী মঞ্চই আহ্বান জনায়।

Your Comments