প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লাডাখৰ ভাৰত-চীন সীমান্ত এলেকা ভ্ৰমণ।ৰাজনাথ সিং শুকুৰবাৰে উপস্থিত হয় লেহৰ ষ্টকনাত।প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মুখত পেৰা কমাণ্ডোসকলে সামৰিক শক্তি প্ৰদৰ্শন কৰে।আনহাতে,পেৰা কমাণ্ডোসকলে পেংগং হ্ৰদৰ কাষত টি-২০ টেংক লৈ যুদ্ধ অভ্যাস কৰে।উল্লেখ্য যে পেংগং হ্ৰদতে ভাৰত আৰু চীনৰ সৈনিক পৰস্পৰৰ মুখামুখি হৈছিল আৰু উত্তেজনাৰ সৃষ্টি হৈছিল।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভ্ৰমণে এইটো স্পষ্ট ইংগিত দিছে যে চীনৰ যিকোনো আগ্ৰাসনমূলক প্ৰয়াস মষিমূৰ কৰিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণ প্ৰস্তুত।ইফালে,চীনৰ সেনা সীমান্তৰ বিবদমান এলেকাসমূহৰ পৰা ক্ৰমান্বয়ে আতঁৰিবলৈ ধৰিছে।
- Log in to post comments
- 20 views