গুৱাহাটীত বিপদসীমাৰ ১ মিটাৰৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ:ফাঁচীবজাৰৰ বাবে বিপদৰ শংকা

লুইত

বিগত কেইবাদিনা ধৰি ৰাজ্যত নেৰেনেপেৰা বৰষুণ হোৱাৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।গুৱাহাটীত বৰ্তমান সময়ত বিপদসীমাৰ ১মিটাৰ ওপৰেৰে গতি কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

উল্লেখ যে জলপৃষ্ঠ বিপদসীমা ওপৰত আছে যদিও মঙলবাৰৰ দিনটোতকৈ হ্ৰাস পাইছে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।মঙলবাৰৰ দিনটোত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আছিল ৫০.৭৫মিটাৰ।বুধবাৰৰ দিনটোত ৫০.৬৯ মিটাৰ হৈছে।

বাৰিষাৰ লুইত

উল্লেখ যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বিপদসীমা ৪৯.৬৮ মিটাৰ। 

আনহাতে,ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিয়ে বিপদৰ আশংকা বৃদ্ধি কৰিছে ফাঁঁচীবজাৰ লাচিতঘাট,চন্দ্ৰপুৰ,উজানবজাৰ আদি অঞ্চললৈ।এই অঞ্চলসমূহত লুইতৰ পানী সোমোৱাৰ আশংকা উৎপন্ন হৈছে।

বুধবাৰৰ দিনটোত গুৱাহাটীৰ ভৰলু,মৰাভৰলু নৈৰ জলপৃষ্ঠয়ো বিপদসীমা অতিক্ৰম কৰিছে৷

Your Comments