নিউজ ডেস্ক :
ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ শীৰ্ষ নেতা বিতু সোণোৱালৰ জামিন আজি মঞ্জুৰ কৰে নিয়া আদালতে। উল্লেখ্য যে বিগত সাত মাহ ধৰি চান্দমাৰী থানাৰ ১৩/১৯ নম্বৰৰ গোচৰত বন্দী হৈ আছিল ছাত্ৰ নেতা গৰাকী।
দীৰ্ঘ দিন ধৰি কাৰাবন্দী হৈ থকা ছাত্ৰ নেতা গৰাকীৰ অধিবক্তাই জনোৱা মতে নেতা গৰাকী বিৰুদ্ধে বৰ্তমানে অন্য কোনো গোচৰ নাই।যিসমূহ গোচৰ তেওঁৰ বিৰুদ্ধে আছিল সকলো গোচৰত ইতিমধ্যে নেতা গৰাকীয়ে জামিন লাভ কৰিলে।সেয়ে তেওঁ মুকলি আকাশৰ তললৈ আহত তেনে কোনো জটিলতা নাই বুলিও জনাই তেওঁৰ অধিবক্তা কৃষ্ণ গগৈয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান ক'ৰনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা নেতা গৰাকীয়ে সুস্থ হৈহে ওলাই আহিব মুকলি আকাশৰ তললৈ।
আনহাতে কৃষক নেতা অখিল গগৈৰ বৃহস্পতিবাৰ অৰ্থাৎ কালিলৈ জামিনৰ শুনানি ঘোষণা কৰাৰ বিপৰীতে ধৈৰ্য কোঁৱৰৰ জামিনৰ ৰায় ১৭জুলাইত আদালতে ঘোষণা কৰিব বুলিও জানায় অধিবক্তা গৰাকীয়ে।
উল্লেখ যে সোমবাৰে জামিন লাভ কৰি মঙলবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আন এজন শীৰ্ষ নেতা মানস কোঁৱৰে।
- Log in to post comments
- 27 views