কৃষক নেতা অখিল গগৈৰ চিকিৎসাধীন ফটো ভাইৰেল,পত্নী গীতাশ্ৰীৰ প্ৰতিক্ৰিয়া পঢ়ক

Akhil Gogoi

*চিকিৎসা লৈ থকা এগৰাকী ৰোগীৰ এইদৰে ফটো লোৱাৰ অনুমতি কোনে দিলে?ৰাইজ ফটোখন ডিলিট কৰক-গীতাশ্ৰী তামুলী*

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ হঠাৎ ভাইৰেল এখন ফটো।ক'ৰ'নাত আক্রান্ত গগৈৰ সম্পূৰ্ণ ঘৰুৱা সাজত এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি থকা মুহূৰ্তৰ ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ইফালে,ফটোখন প্ৰকাশ কৰাৰ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰিছে চিকিৎসাধীন অখিলৰ পত্নী গীতাশ্ৰী তামুলীয়ে।সামাজিক মাধ্যম ফেচবুকত তামুলীয়ে ৰাইজক ফটোখন ডিলিট কৰাৰো আহ্বান জনাইছে।চিকিৎসা লৈ থকা এগৰাকী ৰোগীৰ এইদৰে ফটো তোলাতো নৈতিক কাৰ্য নে!আইনসংগত হয় নে নহয়?-প্ৰশ্ন কৰিছে তামুলীয়ে।

ফটোখন কোনে তুলিছে?এগৰাকী চিকিৎসাধীন ৰোগীক এনেদৰে ঘৰুৱা সাজপাৰত ফটোখন তোলাৰ কোনে অনুমতি দিলে বুলি প্ৰশ্ন উত্থাপন কৰি  নিজৰ ফেচবুক ৱালত লিখিছে এইদৰে- 
"পাপাৰাজ্জী(Paparazzi)জন কোন?
বানৰ বিভীষিকাই মন গিলিপ মাৰি থৈছে।এনে কথা লিখিবলৈ পুৱাই পুৱাই ফেচবুকৰ আশ্ৰয় ল'ব লগা হ'ব বুলি ভবা নাছিলো।
অখিল গগৈ জিএইমচিএইছ-ত আছে।কোনো খবৰ পোৱা নাই যদিও আশা কৰি আছো, সুচিকিৎসা পাই আছে।কিন্তু হঠাৎ সামাজিক মাধ্যমত চলি থকা ফটো এখন দেখি দু:শ্চিন্তা বাঢ়িল।এই ফটো সঁচা নে কোনোবাই তৈয়াৰ (morph)কৰিছে?কোনে এই ফটো তূলি এনেদৰে ৰাজহুৱা স্থানত সহজলভ্য কৰিলে? এজন চিকিৎসকেই এই ফটো তুলিছে নেকি? কাৰ কাৰ সেই কক্ষত প্ৰৱেশাধিকাৰ আছে? এজন চিকিৎসাধীন ৰোগীক ঘৰুৱা সাজপাৰত এনেদৰে ফটো তুলিবলৈ কোনে অনুমতি দিলে?হাঁহিয়াতৰ পাত্ৰ কৰাৰ চেষ্টা নে অৱনমনৰ? চিকিৎসা লৈ থকা ৰোগীৰ এইদৰে ফটো তোলা নৈতিক কাৰ্য নে?আইনসংগত হয়নে নহয়?যদি বাহিৰৰ লোকে তুলিছে,তেন্তে য'ত তেওঁক ৰাখিছে,তাত জীৱনৰ নিৰাপত্তা কিমান?যিসকল শুভাকাংক্ষীয়ে নুবুজা, নজনাকৈ ফটোখন প্ৰচাৰ কৰিছে, তেওঁলোকলৈ অনুৰোধ,সেই সন্দেহজনক ফটোখন প্ৰত্যাহাৰ কৰক।কটা ঘাঁঁত চেঙা তেল দিবলৈ বিচৰা শক্তিবোৰ কোন, বিচাৰিব লাগিব।"

Your Comments