যোৰাবাটত ভয়ংকৰ ভূমিস্খলনে প্ৰাণ কাঢ়িলে দুজন শ্ৰমিকৰ

Landslide Death

শনিবাৰে নিশা বৰষুণৰ ফলত যোৰাবাটত  ভূমিস্খলন।যোৰাবাটৰ ১২ মাইলৰ আমভেৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যু হয় দুগৰাকী শ্ৰমিকৰ।মোহন ঘিমিৰ আৰু বিলাশ প্ৰধান নামৰ শ্ৰমিক দুজন নিশা শুই থকা অৱস্থাতে পোত যায় ভুমিস্খলনত।সীমান্ত দাস নামৰ অন্য এজন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

প্ৰাপ্ত তথ্য অনুসৰি ১২ মাইলৰ সীমান্ত দাস নামৰ এজন লোকৰ গৃহ নিৰ্মাণ কৰি থকা হৈছিল।মোহন ঘিমিৰ আৰু বিলাস প্ৰধান ঘৰটো চাফ-চিকুণ কৰাৰ কামত জড়িত হৈ আছিল।দিনটো কাম কৰি সন্ধিয়া বৰষুণৰ বাবে ঘৰলৈ যাব পৰা নাছিল শ্ৰমিক আৰু ঘৰটোৰ গৰাকী দাস।ফলত তিনিওজন নিশা ঘৰটোতে কটাইছিল। 

ইফালে,ৰাতি বৰষুণৰ প্ৰকোপ বৃদ্ধি হোৱাত পাহাৰৰ পৰা মাটি খহি আহে।পানীৰ সৈতে খহি অহা মাটিয়ে ঘৰটোৰ পকি দেৱাল ভাঙি পেলায়।মুহূৰ্ততে শুই থকা অৱস্থাত তিনিওজন মাটিত পোত যায়।

দেওবাৰৰ পুৱাৰ ভাগত সোণাপুৰ আৰক্ষী, যোৰাবাট আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ সহযোগত মৃত ব্যক্তি দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।মৃত মোহন ঘিমিৰৰ ঘৰ নেপালত আৰু সোণাপুৰৰ শংকৰ ভোজনালয় হোটেলত কৰ্মৰত আছিল তেওঁ।

Your Comments