*মোক এজন সুস্থ মানুহ দিব লাগিব-গীতাশ্ৰী তামুলী*
অসমবাসীৰ দাবী তথা ন্যায়ালয়ৰ হস্তক্ষেপত দ্বিতীয়বাৰৰ বাবে কৰা ক'ভিড-১৯ পৰীক্ষাত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ ক'ৰ'নাত আক্রান্ত হোৱাৰ কথা নিশ্চিত হ'ল।কৃষক নেতাগৰাকী ক'ৰ'নাত আক্রান্ত হোৱাৰ খবৰ বিয়পি পৰা লগে লগে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ৰাাইজে তেওঁৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে চৰকাৰক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ বাবে দাবী জনাইছে।
ইফালে,স্বামী ক'ৰ'নাত আক্রান্ত হোৱাৰ খবৰ পোৱাৰ পিছতে সামাজিক মাধ্যম ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পত্নী গীতাশ্ৰী তামুলীয়ে।তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে এইদৰে-
"অৱশেষত অপেক্ষাৰ অন্ত হ'ল।তেওঁলোকে নিজৰ পৰা জনাব নোৱাৰিলে।আমাৰ অধিবক্তাই সোধাত উত্তৰ আহিল, 'পজিটিভ'! আগৰেই পজিটিভ আছিল নেকি? দিল্লীৰ ৰিপ'ৰ্টত কি আহিল?জনাব নোৱাৰিলে। শুনামতে,পৰহিৰ পৰা জিএমছিএইছৰ বিচনাত পাৰিয়েই আছে। কৃতজ্ঞ!অতি কৃতজ্ঞ!মই ৰাজনীতি নকৰোঁ। শিক্ষকতা কৰোঁ। মই আন সাধাৰণ মানুহবোৰৰ দৰে কাৰোবাৰ জী, পত্নী আৰু মাতৃ।মোক মাত্ৰ এজন সুস্থ শৰীৰৰ মানুহ দিব লাগিব।আপোনালোকৰ দায়িত্বত আছিল,হে মহামহিম কাৰাগাৰ কৰ্তৃপক্ষ, শহে মাননীয় গৃহমন্ত্ৰী মহোদয়! চকুলো টুকি নেদেখুৱাওঁ।মানৱীয় আৱেগৰ দোহাই,অধিকাৰৰ দোহাই।মাতৃ,ভগ্নী,জী,পিতৃ, সন্তান আৰু সকলো সমব্যথী মানুহৰ শুকাই শিল হোৱা চকুপানীবোৰৰ দোহাই!সকলোকে আৰু কয়দীসকলকো উপযুক্ত চিকিৎসা দিয়ক।হয়তো জনমত গঠন নোহোৱা হ'লে , 'নিয়া'ৰ আদালতত আবেদন নজনোৱা হ'লে গোটেই কাৰাগাৰখনৰ মানুহবোৰ অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিলেহেঁতেন!অখিলৰ কথা কি ক'ম? বহু পুৰণা চিকিৎসকে জানে। সাধাৰণ ভাইৰেল জ্বৰতো বছৰি এবাৰ বা দুবাৰ চিকিৎসালয়ত থাকিব লগা হয়।২০০৩ৰ পৰা চলি থকা "য'তে ৰাতি ত'তে কাটি" জীৱনে শৰীৰ ভংগুৰ কৰি পেলাইছে।লকডাউন! অকলে আছোঁ।জীৱনৰ কঠোৰ অভিজ্ঞতাই এই বয়সতে ক্ষিপ্ত কৰি তোলা ল'ৰাটোক বুকুত সাৱটি।এতিয়া ওলাই যাবলৈ নোৱাৰো। মানুহজনক ভালকৈ চাব!অনুনয় নহয়, মানৱীয়তাৰ দাবী, অধিকাৰৰ দাবী"।
- Log in to post comments
- 27 views