কাণপুৰত ৮ জন আৰক্ষীক হত্যাৰ মুখ্য অভিযুক্ত গেংষ্টাৰ বিকাশ ডুবেক গ্ৰেপ্তাৰ

Vikas Dubey

উত্তৰ প্ৰদেশৰ কাণপুৰত যোৱা ২ জুলাইৰ নিশা ৮ জন আৰক্ষীক হত্যা কৰাৰ ঘটনাৰ মুখ্য অভিযুক্ত গেংষ্টাৰ বিকাশ ডুবেক বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ কৰিছে মধ্য প্ৰদেশ আৰক্ষীয়ে।মধ্য প্ৰদেশৰ উজ্জয়িনীৰ মহাকাল মন্দিৰৰ সমীপত গেংষ্টাৰটোৱে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।ইয়াৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গেংষ্টাৰটোক।উল্লেখ্য যে এটা গোচৰ সন্দৰ্ভত বিকাশ ডুবেক কাণপুৰৰ তেওঁৰ গাঁৱলৈ বিচাৰি যোৱা আৰক্ষীৰ দলৰ ওপৰত গেংষ্টাৰটো আৰু তাৰ গুণ্ডা বাহিনীয়ে গুলী চলোৱাত আঠজনকৈ আৰক্ষী নিহত হৈছিল। 

Your Comments