কি বেমাৰ কৃষক নেতা অখিল গগৈৰ!কাৰাগাৰ কৰ্তৃপক্ষই কি ক'লে...

#Akhil Gogoi

বিতু-ধৈর্যৰ স্বাস্থ্য কেনে,কিদৰে চলিছে চিকিৎসা?

বিগত ৭মাহ কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈ পুনৰ অসুস্থ।জ্বৰ-কাহত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ হৈ পৰিছে কৃষক নেতাগৰাকী।দেহত ক'ৰ'নাৰ লক্ষণ দেখা পোৱা বুলি প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত।ৰাজ্যজুৰি বিভিন্ন সংগঠন তথা ব্যক্তিৰ দাবী উঠিছে গগৈৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনাচৰ্তে মুকলি কৰিব লাগে। 

ইফালে, গগৈৰ অসুস্থতা সন্দৰ্ভত কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি "কৰ'না হোৱা নাই কৃষক নেতাগৰাকীৰ।এনেই বাহিৰে বাহিৰে এইটো খবৰ ওলাই আছে।জেলৰ চিকিৎসকে আজি স্বাস্থ্য পৰীক্ষা কৰি ৰিপ'ৰ্ট দিছে স্বাস্থ্য ক্লিনিকেলী ষ্টেব'ল বুলি।"

"পূর্বতে গগৈ চৰ্ম ৰোগত আক্ৰান্ত হৈছিল,সেয়া বৰ্তমানো চলি আছে।পূৰ্বতকৈ ভাল হৈছে।জিএমচিএইচৰ তত্বাৱধানত চিকিৎসা চলি আছে"-এই কথা অৱগত কৰে আইজিপি দশৰথ দাসে।

ইফালে গগৈৰ লগতে তেওঁৰ সতীৰ্থ বিতু-ধৈর্যৰ স্বাস্থ্য ভালে আছে।যি ব্যৱস্থা ল'ব লাগে,সেয়া লোৱা হৈছে।কাৰাগাৰৰ চিকিৎসকে প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা কৰি থকা বুলি তেওঁ অৱগত কৰে।

উল্লেখ যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কিছুদিন পূৰ্বে দুজন আচামীৰ দেহত ধৰা পৰিছিল ক'ৰ'না।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান সময়ত ১০৮৯ জন কয়দী থকা বুলিও দাসে জানিবলৈ দিয়ে।

Your Comments