"শিৱসাগৰৰ উপ-নিৰ্বাচনত জেলৰ পৰাই অখিলদাই নিৰ্বাচন খেলক"

Akhil Gogoi

*১লাখ ভোটত জয়ী কৰি পঠিওৱাৰ দায়িত্ব 'কা' বিৰোধী শিৱসাগৰবাসী জনতাৰ*

ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে শিৱসাগৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে।শাসকীয় বিজেপি দলেও বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা কংগ্ৰেছৰ বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ পিছত খালি হৈ থকা আসনখন দখল কৰাৰ বাবে সাজু হৈছে।

আনহাতে,বিজেপিক পৰাজিত কৰাৰ বাবে শিৱসাগৰৰ আসনখনত 'কা' বিৰোধী শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ কথা  বিভিন্ন সময়ত বিভিন্নজনে মত প্ৰকাশ কৰি আহিছে।তেনে সময়তে বীৰ লাচিত সেনাই শিৱসাগৰৰ আসনখনত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক থিয় কৰাব লাগে বুলি ইতিমধ্যে ঘোষণা কৰিছে।সংগঠনটোৰ নেতা শৃংখল চলিহাই সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰি কৈছে এইদৰে-"শিৱসাগৰবাসী ৰাইজে কাৰাৰুদ্ধ হৈ থকা অখিলক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰি পঠাব লাগে।অসম নামৰ 'মা'জনীক ৰক্ষা কৰাৰ বাবে।"

"জেলৰ পৰাই অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হওঁক।বিজেপিক বাৰ্তা দিয়া হ'ব ২১ত পথ তেওঁলোকৰ নহ'ব বুলি"-চলিহাই কয়।

অখিলক আহ্বান জনাই তেওঁ আৰু কয়- "আপোনাক জয়ী কৰাৰ দায়িত্ব শিৱসাগৰৰ 'কা' বিৰোধী জনতাৰ।বিজেপিৰ যি প্ৰাৰ্থীয়ে নহওঁক,১ লাখ ভোটত পৰাজিত হ'ব।"

Your Comments