লাডাখ সীমান্তৰ গালৱান উপত্যকাত পিছ হুহুকিবলৈ বাধ্য হ'ল চীনা সৈন্য:'শান্তি স্থাপনৰ বাবে এই পদক্ষেপ'-চীনা বৈদেশিক মন্ত্ৰণালয়

India-China

ভাৰত-চীন বিবাদৰ কেন্দ্ৰ লাডাখ সীমান্তৰ গালৱান উপত্যকাৰ পৰা পিছ হুহুকিবলৈ বাধ্য হ'ল চীনা সৈন্য।ইতিমধ্যে চীনা সৈন্য প্ৰায় দুই কি:মি: পিছলৈ গৈছে।চীনা সৈন্যই তেওঁলোকৰ টেণ্টবোৰ খুলি লৈ গৈছে।উল্লেখ্য যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে চীনৰ বৈদেশিক মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ৱাং ৱিৰ টেলিফোনিক বাৰ্তালাপৰ পিছতে চীনা সৈন্যই পিছুৱাই যায়।উল্লেখ্য যে ১৫ জুনত চীনা সৈন্যৰ সৈতে ভাৰতীয় সেনাৰ হোৱা তুমুল সংঘৰ্ষৰ পিছত চীনৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছিল ভাৰতীয় সেনাই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও লাডাখ সীমান্তলৈ গৈ কমিউনিষ্ট দেশখনক সকীয়নী প্ৰদান কৰিছিল।ইফালে,চীনা সৈন্য পিছুৱাই যোৱাৰ কথা চীনৰ বৈদেশিক মন্ত্ৰণালয়ে স্পষ্ট কৰিছে।চীনৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে শান্তি স্থাপনৰ বাবেই চীনা সৈন্য পিছুৱাই গৈছে।চীনা সৈন্যক আঁতৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

Your Comments