বাণিজ্যিক ঘাটিত অভিলেখ মোডী চৰকাৰৰ

modi_economy_india

এক ভয়ংকৰ ভবিষ্যতৰ দিশলৈ গৈ আছে দেশৰ অৰ্থনীতি । প্ৰতিটো ক্ষেত্ৰতে দেশ আজি সংকটজনক অৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে । এই দিশবিলাক লক্ষ্য কৰি সচেতন মহল আজি উদ্বিগ্ন । মোডী চৰকাৰৰ নীতিসমূহৰ বাবে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হ’বলৈ আৰম্ভ কৰিছে । দেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্য এনে এটা অৱস্থা পাইছেগৈ।মোডী চৰকাৰৰ অৰ্থনৈতিক নীতি তথা কাৰ্য ব্যৱস্হাই এক ডলাৰৰ মূল্য ৭১ টকালৈ বৃদ্ধি কৰিলে । ফলত দেশৰ বাণিজ্য ক্ষেত্ৰত ডাঙৰ আঘাত পৰিল । আজি মোডী চৰকাৰে ১৮ বিলিয়ন ডলাৰ মূল্যৰ বাণিজ্যিক ঘাটিৰে অভিলেখ স্থাপন কৰিছে । যোৱা ৫ বছৰৰ ভিতৰত সৰ্বাধিক ঘাটি । ভাৰতীয় মূল্যত ঘাটিৰ পৰিমাণ ১,২৬,০০০ কোটি টকা ।

modi_upset
টকাৰ মূল্য হ্ৰাস পোৱাৰ লাগে লাগে দেশৰ বৈদেশিক মুদ্ৰাৰ ভঁড়ালত আঘাত পৰিল । ভাৰত বৰ্ত্তমানেও এখন আমদানিকাৰী দেশ । ফলত দেশে এতিয়া অধিক ভাৰতীয় মুদ্ৰা দিব লাগিব । অধিক দামত ক্ৰয় কৰিব লগা হোৱাৰ বাবে দেশত পেট্ৰ'লজাত সামগ্ৰীৰ লগতে সকলো বস্তুৰ মূল্য বৃদ্ধি পাব । দেশবাসী সংকটত পৰিব । ৰপ্তানিকাৰী দেশবোৰৰ লাভ হ'ব । ফলত চীনৰ দৰে দেশসমূহে ভাৰতৰ বজাৰ দখল কৰিবহি । দেশত বাণিজ্যিক ঘাটি বৃদ্ধিৰ লগে লগে সংস্হাপনৰ পথ বিলাক সংকুচিত হৈ আহিছে । ফলত সমগ্র ভাৰতত  নিবনুৱা সমস্যা এক ভয়াবহ দিশলৈ গতি কৰিব ।

economy_india
মোডী চৰকাৰৰ দিনত কৃষকৰ আত্মহত্যা ৪১.৭ শতাংশ বৃদ্ধি পাইছে । মোডী চৰকাৰে দেশ আৰু জনগণৰ স্বাৰ্থত অৰ্থনৈতিক নীতি সমূহৰ ক্ষেত্ৰত নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় হৈছে । অন্যথা দেশবাসীৰ লগতে চৰকাৰখনো সংকটত পৰিব ।
 

Your Comments