বঙাইগাঁঁৱত এম্বুলেন্স চালকৰ মহানুভৱতা:'লকডাউন'ৰ সময়ত গাঁঁৱৰ ৩০টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

Pic

বঙাইগাঁঁৱৰ প্ৰতিবেদক: 

বিশ্বত মহামাৰী ক'ৰ'না ভাইৰাছৰ ত্ৰাস।দেশত চলিছে দীৰ্ঘদিনীয়া 'লকডাউন'।লকডাউনৰ বাবে সাধাৰণ তথা নিম্নবিত্ত পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।বিশেষকৈ দৈনিক হাজিৰা-মজুৰি কৰি পৰিয়াল চলোৱাসকলৰ বাবে অসুবিধা হৈ পৰিছে৷ক'ৰ'না মহামাৰীৰ এই বিপদৰ সময়ত সাধাৰণ নাগৰিকসকলৰ কাষত থিয় দিছে এগৰাকী অসাধাৰণ এম্বুলেন্স চালক৷অসমীয়াৰ হেঁঁপাহৰ ৰঙালী বিহু চলি থকাৰ মাজতে যোৱা ১৮ এপ্ৰিলত বঙাইগাঁও চহৰৰ পুৰণি বঙাইগাঁঁৱৰ বাসিন্দা তথা এম্বুলেন্স চালক অনিল চৌধুৰী নামৰ এইগৰাকী মানৱদৰদীয়ে সাধাৰণ লোকৰ বাবে চিন্তা কৰিছে।উল্লেখ্য যে নিজে এম্বুলেন্স চলাই পৰিয়াল পোহ-পাল দিয়ে যদিও বিপদৰ সময়ত গাঁঁৱৰ সৰ্বসাধাৰণ লোকসকলৰ বাবে এমুঠি খাদ্য যোগানৰ চিন্তা কৰি নিজ ঘৰলৈ মাতি আনি গাঁওখনৰ মুঠ ৩০ টা পৰিয়ালক ২ কিলোকৈ আলু,১ কিলোকৈ পিয়াঁজ,আধা কিলোকৈ দাইল,৫০০ গ্ৰামকৈ মিঠাতেল,এটাকৈ ৰঙালাউ,চাবোনৰ লগতে অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰে।উল্লেখ্য যে বিহুৰ বতৰৰ বাবে প্ৰতিগৰাকী লোকক পিঠা -পনাৰে আপ্যায়ণ কৰি খাদ্য সামগ্ৰী বিতৰণ কৰে এইগৰাকী এম্বুলেন্স চালকে৷অনিল চৌধুৰীৰ এই মহানুভৱতাৰ ৰাইজে শলাগ লৈছে।

 

Your Comments