'লকডাউন'ত হাজো আৰক্ষী থানাৰ গৰীব পৰিয়ালৰ মাজত সাহায্য বিতৰণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত 'লকডাউন' চলি থকাৰ সময়ত দুখীয়া পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে।এনে অৱস্থাত হাজো থানাই পানীপাৰা কৈৱৰ্তটোলা আৰু মাজৰচুপাৰ দুই শতাধিক পৰিয়ালৰ মাজত চাউল,দাইল আদি নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰি মহাভুৱনতাৰ পৰিচয় দাঙি ধৰে।হাজো থানাৰ এনে পদক্ষেপৰ ৰাইজে প্ৰশংসা কৰিছে।ইফালে,ধুমুহাৰ ফলত ঘৰ ভাঙি পৰা এটি পৰিয়ালক এহাজাৰ টকা সাহায্য  হিচাপে আগবঢ়ায় হাজো থানাৰ বিষয়া ভাস্কৰ বৰ্মণে।

Your Comments