বঙাইগাঁৱত কৰ্মস্থলীৰ লগতে ঘৰৰ বাহিৰলৈ ওলালেই পিন্ধিব লাগিব মাস্ক

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ক'ৰ'না ভাইৰাছ(ক'ভিড-১৯)ৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধৰ বাবে অসমৰ মুখ্য সচিবে জাৰি কৰা এটা নিৰ্দেশ(এ এচ ডি এম এ ২০/২০২০/৫৩ - ১৬ এপ্ৰিল, ২০২০)মৰ্মে বঙাইগাঁও জিলা প্ৰশাসনে জিলাবাসীৰ সুৰক্ষা প্ৰদানৰ বাবে কেইটামান নিৰ্দেশনা জাৰি কৰিছে।জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা সকলো নাগৰিকে ঘৰৰ বাহিৰত ওলোৱাৰ সময়ত তথা কৰ্মস্থলীত উপস্থিত থকাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ।সেইদৰে ১৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰিৱৰ্তী আদেশ জাৰি নকৰা পৰ্যন্ত সমগ্ৰ  বঙাইগাঁও জিলাখনত সকলো ধৰণৰ সুৰা,গুটখা,ধঁপাত আদি নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।ইয়াৰ  উপৰিও যিকোনো ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা কাৰ্যৰ ওপৰতো বাধা নিষেধ কৰা হৈছে।এই নিৰ্দেশ অমান্য কৰা ব্যক্তিৰ বিৰুদ্ধে ক'ভিড-১৯ ৰ বিধি অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা প্ৰশানৰ নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

Your Comments