বঙাইগাঁৱৰ প্ৰতিবেদক:
দেশজুৰি চলি থকা 'লকডাউন'ৰ সময়ত উত্তৰ -পূব সীমান্ত ৰে'লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যুটীয়াভাৱে যোৱা ১৭ এপ্ৰিলত বঙাইগাঁৱত প্ৰায় ৪০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।এই সন্দৰ্ভত সংগঠনটোৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে মজদুৰ ইউনিয়নৰ বঙাইগাঁও আৰু ৰানিং শাখাই যৌথভাবে প্ৰথম পৰ্যায়ত দুদিনত প্ৰায় ১০০০ পৰিয়ালক সাহায্য হিচাপে খাদ্য সামগ্ৰী আগঢ়াব।খাদ্য সামগ্ৰী আগবঢ়াবলৈ আমি বঙাইগাঁও চহৰৰ প্ৰায় ১০০০ গৃহকৰ্মীক বাচি লৈছো,যিসকলে আন মানুহৰ ঘৰত কাম কৰি জীৱিকা-নিৰ্বাহ কৰি আছে।অৰ্থনৈতিকভাৱে এওঁলোক সমাজৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক।এওঁলোকৰ লগতে আন কিছু দৰিদ্ৰ পৰিয়ালকো সাহায্য আগবঢ়োৱা হ'ব৷ আমাৰ দ্বিতীয় পৰ্যায়ত আমি একেধৰণেৰে সাহায্য আগবঢ়াম।এই সাহায্য বিতৰণ অনুষ্ঠানত ড° পি কে ধৰ ,নীলিমা বিশ্বাস, তন্ময় শক্তি ৰাহা,জগদীশ ভট্টাচাৰ্য,সুৰজিত সাহাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
- Log in to post comments
- 14 views