মৰিগাঁৱত শ্ৰমজীৱী পৰিয়ালৰ মাজত অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যক্তিৰ খাদ্য সামগ্ৰী বিতৰণ

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

'লকডাউন'ৰ সময়ত সাধাৰণ ৰাইজ তথা শ্ৰমজীৱী পৰিয়ালৰ মাজত সৃষ্টি হোৱা খাদ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলাত বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ সমান্তৰালকৈ যোৱা ১৬ এপ্ৰিলত মৰিগাঁও নগৰৰ সমীপৰ বাছনাঘাটৰ খান্দাজানত ৫০ টা শ্ৰমজীৱী পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ধেমাজী জিলাৰ জোনাইৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জহৰলাল ৰয়ে।খান্দাজানৰ নিবাসী ৰয়ে খান্দাজান,শিঙিমাৰী,বাকৰিচাপৰি আৰু বাছনাঘাটৰ মুঠ ৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সমাজ সেৱক পৰেশ চৌধুৰী,সাংবাদিক দিপাংক নাথকে আদি কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।ইফালে,মৰিগাঁও চহৰৰ গুৰুকুল একাডেমী শৈক্ষিক প্ৰতিষ্ঠানটোৰ ৫০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে  জিলাখনৰ বিভিন্ন অঞ্চলৰ ২৫০ টা শ্ৰমজীৱী পৰিয়ালৰ মাজত  খাদ্য সামগ্ৰী বিতৰণ কৰে।গুৰুকুল একাডেমী শৈক্ষিক প্ৰতিষ্ঠানটোৰ অধ্যক্ষ পলাশমণি ডেকা আৰু পৰিচালনা সমিতিৰ সম্পাদক বিষ্ণু জ্যোতি ভাগৱতীয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ মাধ্যমেৰে খাদ্য সামগ্ৰীসমূহ  বিতৰণ  কৰা বুলি জনিবলৈ দিছে।

জিতুমনি নাথ /মৰিগাঁও

Your Comments