শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
'লকডাউন'ৰ সময়চোৱাত দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে।দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ বাবে শিৱসাগৰ ক্ৰীড়া সন্থাই যোৱা ১৭ এপ্ৰিলত শিৱসাগৰ চহৰৰ সমীপৰ বানমুখ নগাঁও,কাথপাৰ,পাণবেচা শিমলুতল তিনিআলি আৰু চিলাপথাৰ অঞ্চলৰ প্ৰায় ৬০ টা পৰিয়ালৰ মাজত চাউল, মিঠাতেল,আলু,দাইল,পিয়াঁজ,চয়াবিন, হালধি, নিমখ,চাবোন আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মনোজ ভাগৱতী,যুটীয়া সম্পাদক শৰৎ হাজৰিকা,কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰ, সহকাৰী সম্পাদক প্ৰাঞ্জল দত্ত,সদস্য ক্ৰমে অনিল আচাৰ্য,ৰিতুৰাজ চেতিয়া আৰু দেৱজ্যোতি বৰাই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।
- Log in to post comments
- 22 views