শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাৰ খেলুৱা ৰবি গাঁঁও নিবাসী ব্ৰজেন আৰন্ধৰাৰ বাসগৃহটো পহিলা ব’হাগৰ সন্ধিয়া এক অগ্নিকাণ্ডত জাহ যোৱাত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।প্ৰাপ্ত তথ্য অনুসৰি দিন হাজিৰা কৰা ব্ৰজেন আৰন্ধৰাৰ তিনি বছৰীয়া ছোৱালীজনীয়ে ব’হাগ বিহুৰ বাবে ঘৰে ঘৰে বন্তি জ্বলোৱা দেখা পাই নিজেও এগছি বন্তি জ্বলাব বিছাৰিছিল।কিন্তু তুলনামূলকভাৱে যথেষ্ট চাপৰ নৰাৰ ঘৰটোত ছোৱালীজনীৰ হাতৰ জ্বলি থকা খৰিৰ পৰা জুইৰ সংযোগ ঘটে।মুহূৰ্ততে ঘৰটোৰ অৰ্ধাংশ জুইয়ে আগুৰি ধৰে।সেই সময়তে প্ৰায় অৰ্ধ-শতাধিক সাহসী যুৱক উপস্থিত হৈ চালৰ পৰা নমাই দিয়াত জুই নিৰ্বাপিত হয়।এই অগ্নিকাণ্ডত পৰিয়ালটোৰ একো হানি-বিঘিনি নঘটাত ৰাইজে স্বস্তিৰ নিশ্বাস লৈছে।অতি দুখৰ বিষয় যে ঘৰটোলৈ সোমাই যোৱা পথটো অতি ঠেক হোৱা বাবে অগ্নি নিৰ্বাপক বাহিনীৰ সহায় ল’বলৈও কোনো উপায় নোহোৱা অৱস্থা।সেই পথেৰে মাথোঁ চাইকেল বা মটৰ চাইকেলহে যাব পাৰে। আনহাতে কাষত পুখুৰী বা টিউবেলৰ ব্যৱস্থাও নাই।পৰিয়ালটোৰ প্ৰতি চৰকাৰী পক্ষক সহায় আগবঢ়াবলৈ স্থানীয় ৰাইজে অনুৰোধ জনাইছে।বুধবাৰে বিজেপি নেত্ৰী সুৰভি ৰাজকুঁৱৰীয়ে ঘটনাৰ বুজ ল’বলৈ ব্ৰজেন আৰন্ধৰাৰ ঘৰত উপস্থিত হয়। ৰাজকুৱঁৰীয়ে পৰিয়ালটোলৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে জিলা উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ লগত যোগাযোগ কৰি ব্যক্তিগৰাকীৰ গৃহটো নিমাৰ্ণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 35 views