বঙাইগাঁৱৰ প্ৰতিবেদক:
সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ন'ভেল ক'ৰ'না ভাইৰাছ (Novel Coronavirus বা ক'ভিড -১৯ (COVID-19) প্ৰতিৰোধৰ বাবে বঙাইগাঁও জিলা সম্পূৰ্ণৰূপে সষ্টম হৈ উঠিছে৷ জিলাখনত এতিয়ালৈ এজনো কভিড-১৯ ৰোগী ধৰা পৰা নাই ৷ বৰ্তমানলৈ ১০ টা তেজৰ নমুণা সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰে ভিতৰত ৭ টাৰ পৰীক্ষাৰ প্ৰতিবেদন ইতিমধ্যে নিগেটিভ আহিছে আৰু ৩টা তেজৰ নমুণা আজি পৰীক্ষাৰ বাবে পঠোৱা হৈছে ৷ এইকেইটা নমুণাৰ প্ৰতিবেদন এতিয়াও আহি পোৱা নাই ৷ ইপিনে বৰ্তমান জিলাখনৰ ১,৭৫৯ জন লোক গৃহ অসংক্ৰাম্যকৰণত আছে ৷ আনহাতে ৪ জনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আছুতীয়াকৈ ৰখা হৈছে ৷ বঙাইগাঁৱৰ মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া(সংক্ৰমিত ৰোগ) ডাঃ ভূপেন বৈশ্যই আজি এই কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে জিলাখনত কোনো ৰোগী ধৰা নপৰিলেও ইতিমধ্যে এই ক্ষেত্ৰত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে বিভিন্ন প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে ৷ ডাঃ বৈশ্যই জনোৱা মতে বৰ্তমান জিলাখনৰ চিকিৎসালয়সমূহত মুঠ ২৪ টা আছুতীয়া কক্ষ (isolation ward)ৰ সুবিধা আছে ৷ ইয়াৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ১০ টা, অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ২টা, বিদ্যাপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ২টা, মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ৫ টা আৰু বইটামাৰী আদৰ্শ চিকিৎসালয়ত ৫ টা আছুতীয়া কক্ষ সাজু কৰা হৈছে ৷ এই ক্ষেত্ৰত যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ ব্যক্তিগত নাৰ্ছিংহোমসমূহকো ইয়াত জড়িত কৰা হৈছে ৷ ল’ৱাৰ আছাম নাৰ্ছিংহোমত ৩ টা, আৰোগ্য নাৰ্ছিংহোমত ২ টা আৰু স্বাগত নাৰ্ছিংহোমত ২টাকৈ আছুতীয়া কক্ষ সাজু কৰি ৰখা হৈছে বুলিও ডাঃ বৈশ্যই জনায় ৷ ইপিনে অসংক্ৰাম্যকৰণৰ বাবেও বিভিন্ন স্থানত অসংক্ৰাম্যকৰণ কোঠা (Quarantine room) সাজু কৰা হৈছে ৷ সেই অনুযায়ী বঙাইগাঁও ৰেলৱে ইনষ্টিটিউটত ১০খন (৯ খনত বৰ্তমান ৰোগী আছে) , নিউ বঙাইগাঁও ৰেলৱে ইনষ্টিটিউটত ১০ খন, প্ৰশান্তিত ল'জত ১০ খন বিচনা সাজু ৰখা হৈছে৷ ইয়াৰ উপৰি জৰুৰীকালীন পৰিস্থতিত ব্যৱহাৰৰ বাবে নিউ বঙাইগাঁও আৰপিএফ বেৰেক(৭০ খন), মাণিকপুৰ আঞ্চলিক কলেজ(২০ খন), বঙাইগাঁও কলেজ(২০ খন), অভয়াপুৰী কলেজ, ছাত্ৰাবাস + ছাত্ৰীনিবাস (৬০ খন), অভয়াপুৰী উঃমাঃ বিদ্যালয়(৭৮খন), লেংটিছিঙাৰ আৰজিএম কলেজ (৩৪ খন), চলন্তাপাৰাৰ এমজি কলেজ (৩৪ খন) আৰু বঙাইগাঁও নৱোদয় বিদ্যালয় (২৩০ খন) তো অসংক্ৰাম্যকৰণ কোঠা স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে সন্দেহযুক্ত ৰোগীসকলৰ ঘৰত প্ৰৱেশ নিষেধৰ ফলক আৰু গৃহ অসংক্ৰাম্যকৰণৰ ষ্টাম্পিং কৰা হৈছে ৷ জিলাখনত মুঠ ১,৭৫৯ জন লোক গৃহ অসংক্ৰাম্যকৰণৰ অধীনত আছে ৷ স্বাস্থ্য বিভাগৰ ফ্ৰণ্টলাইন কৰ্মীসকলে নিয়মিত গৃহ অসংক্ৰাম্যকৰণৰ বাবে ঘৰে ঘৰে গৈ পৰীক্ষা কৰিছে ৷ গৃহ অসংক্ৰাম্যকৰণ কৰা ৰোগীসকলক নিৰীক্ষণৰ বাবে প্ৰতি গাঁৱতে কমিটি গঠন কৰি দিয়া হৈছে ৷ শেহতীয়াকৈ ভ্ৰমণৰ পৰা উভটি অহা আৰু সম্ভাৱ্য লক্ষণ থকা লোকসকলক ১০৮ এম্বুলেন্সৰ দ্বাৰা আনি আছুতীয়া কক্ষত ৰখা হৈছে৷ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাখনৰ ইমুৰৰ পৰা সিমুৰলৈ গুৰুত্বপূৰ্ণ স্থানত কোৰোনা প্ৰতিৰোধৰ উপায় সম্পৰ্কে হ’ৰ্ডিং, ষ্টেনডি লগোৱা হৈছে ৷ তাৰোপৰি বেনাৰ, মাইকিং, প্ৰচাৰ পত্ৰিকা বিতৰণৰ দ্বাৰাও জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ নিৰন্তৰ প্ৰয়াস কৰি থকা হৈছে ৷ চহৰৰ লগতে গ্ৰাম্যাঞ্চলসমূহতো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয়তা আৰু শিশুসকলৰ মাজত হাত ধোৱাৰ বিষয়ে ঘৰে ঘৰে গৈ সজাগতা সৃষ্টিৰ বাবে বিশেষ অভিযান চলাই থকা হৈছে ৷ উল্লেখ্য যে ৰে'ল সেৱা অব্যাহত থকা অৱস্থাত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰে'ল ষ্টেচনসমূহত যাত্ৰীসকলক নিয়মিত স্ক্ৰীণিং কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছিল বুলিও জানিবলৈ দিয়ে ৷
- Log in to post comments
- 109 views