নলবাৰীৰ পৰা হেমন্ত কলিতা:
২১ দিনীয়া লকডাউন আহ্বান কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে,যাৰ ফলত লকডাউনৰ প্ৰথম দুটা দিনত ঠায়ে ঠায়ে দুই এক অসচেতন লোকে বাহিৰলৈ ওলাই আহি লকডাউনৰ নীতি- নিয়ম উলংঘা কৰিলেও অধিকাংশ লোকেই যেন বুজি উঠিছিল যে এই মহামাৰীৰ কোনো প্ৰতিষেধক বা ভেকচিন নাই। লকডাউনৰ সময়ত যাতে অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল,আলুৰ বাবে কোনো লোকে হাহাকাৰ কৰিবলগা নহয়, তাৰ বাবেই গেলামাল দোকানসমূহ খোলা ৰখাৰ সময় নিৰ্ধাৰণ কৰি দিছিল প্ৰশাসনে।আনহাতে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে যে ফল মূল, মাছ, মাংসৰ দোকানো খোলা ৰাখিব পাৰিব লকডাউনৰ সময়ত। গ্ৰাহকসকলে খাদ্য সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ খুচুৰা আৰু পাইকাৰী দোকান সমূহ খোলা ৰখাৰ সময় নিৰ্ধাৰণ কৰি দিয়া হয়।অৱশ্যে সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱাৰ সময়ত ১ মিটাৰৰ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবেও ৰাজ্যবাসীক আহ্বান জনাই স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লকডাউন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ'বলৈকো আৰক্ষী প্ৰশাসনক তেওঁ নিৰ্দেশ দিয়ে।লকডাউনৰ নীতি -নিয়ম কিছু শিথিল কৰাৰ পিছতে শুকুৰবাৰে নলবাৰী চহৰৰ খুচুৰা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা দেখা যায়। যাৰ ফলত পুৱাৰ নলবাৰী চহৰ গ্ৰাহক আৰু অন্য লোকেৰে ভৰি পৰে।অৱশ্যে,সেই সময়ত অৰ্ধেক লোকেই সামাজিক দূৰত্ব বৰ্তাই ৰখাত অগ্ৰহাম্বিত নোহোৱা যেনো বোধ হ'ল। খুচুৰা আৰু পাইকাৰী দোকান সমূহৰ কিছু কিছুৱে নিজৰ প্ৰতিষ্ঠানৰ সন্মুখত গোলাকৃতিৰ চিহ্ন অংকন কৰি গ্ৰাহকক সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ সজাগ কৰাৰ চেষ্টা চলালেও,সেয়া যেন কোনো গ্ৰাহকেই মানি চলিব নিবিচাৰিলে।ক'ৰ'নাৰ দৰে মহামাৰীৰ ভয়াবহতাক উপেক্ষা কৰি গ্ৰাহকসকলে দোকানৰ সন্মুখত সামগ্ৰী ক্ৰয় কৰিবলৈ হেতাওপৰা লগোৱা দেখা যায়। আনহাতে লকডাউন চোৱাৰ বাবেও বহুলোক ওলাই আহে শুকুৰবাৰৰ পুৱা।যাৰ ফলত শুকুৰবাৰে মছজিদ চ'ক,বৰকুৰাৰ দৰে কোনো কোনো স্থানত আৰক্ষী প্ৰশাসনে লোকৰ জুম বন্ধাত বাধা প্ৰদান কৰা পৰিলক্ষিত হলেও সেয়াও যোৱা দুদিনতকৈ যথেষ্ট শিথিল। ৩১নং ঘাইপথ সংযোগী গণেশ মন্দিৰ চ'কতো শুকুৰবাৰে পুৱা দেখা গ'ল একেই দৃশ্য।পাচলিৰ দোকান আৰু গেলামাল দোকান সমূহৰ সন্মুখত গ্ৰাহকে ভিৰ কৰে। যত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে চৰকাৰ-প্ৰশাসনে জনোৱা আহ্বান এক ভেকোভাওনাৰ ৰূপ লয়।কিন্তু তাৰ মাজতে দুই-এখন ক্ষুদ্ৰ খুচুৰা দোকানৰ সন্মুখত একাংশ সচেতন গ্ৰাহকে শাৰী পাতি এজন-এজনকৈ সামগ্ৰী ক্ৰয় কৰাও দেখা যায়। ভাৰতত ক'ৰ'না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭০০ জনৰো অধিক হৈ পৰিছে। আনহাতে,এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ১৬ জনকৈ লোকৰ। ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ সংখ্যা।প্ৰতিষেধকবিহীন এনে মহামাৰী প্ৰতিৰোধৰ বাবেই প্ৰধানমন্ত্ৰীয়ে যি লকডাউন আহ্বান কৰিছে, সেয়া জনতাৰ হিতৰ বাবে যদিও কাৰ্যত: লৰা ধেমালি কৰা যেন লাগিল শুকুৰবাৰৰ দিনটোত৷
- Log in to post comments
- 8 views