ৰাজীৱ পাতিৰ,'নিউজ এএছএন'ৰ মাজুলীৰ প্ৰতিনিধি:
সমগ্র বিশ্বতে আতংকৰ পৰিৱেশ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ নামৰ ভয়ংকৰ মহামাৰীৰ বিৰূদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা লকডাউন সফল কৰাৰ বাবে বৃহস্পতিবাৰে মাজুলীৰ বিভিন্ন গাঁৱত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।বিশেষকৈ উজনি মাজুলীৰ হাতীমূৰীয়া গাঁৱৰ সচেতন ৰাইজে গাওঁখনক সুৰক্ষিত কৰাৰ বাবে গাঁওখনৰ প্ৰৱেশপথত বাঁহৰ বেৰিকেড স্হাপন কৰিছে। তদুপৰি,অচিনাকি তথা আন গাঁৱৰ লোকে যাতে প্ৰৱেশ কৰিবলৈ নোৱাৰে,তাৰ ব্যৱস্থা হিচাপে বৃহস্পতিবাৰে গড়মূৰ সোণাপূৰ গাওঁখনৰ মূৰত বাঁহেৰে গেট নিৰ্মাণ কৰি ৰাইজক সজাগ কৰোৱা হয়।ঠিক একেদৰে জঁকাইবোৱা গাঁৱলৈ আহিব পৰা মূল চাৰিটা পথ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হয়।ইয়াত কেৱল স্বাস্থ্য বিভাগ, সাংবাদিক,আৰক্ষী প্ৰশাসনৰ তথা জৰুৰীকালীন কামৰ বাহিৰে কোনো ব্যক্তি গাঁঁৱত প্ৰৱেশ কৰাটো নিষেধ কৰিছে।
ইপিনে,লখিমপুৰ জিলাৰ লোহিত খাবলুৰ গড়মূৰ ডাম্বুকীয়াল গাঁওখনত মাজুলীলৈ যোৱা পথটো বাঁহ বান্ধি লকডাউন কৰা হৈছে । ইপিনে,জেংৰাইমুখ আৰক্ষী থানাৰ আৰক্ষী লোকে আজি অভিযান চলাই বিভিন্ন পথাৰত জুম বান্ধি থকা লোকক খেদি পঠিয়ায় । উজনি চেৰপাই গাঁৱত জুম বান্ধি তাছ খেলি থকা লোকৰ মাজৰ পৰা দুজন লোকক আটক কৰি লৈ আনে।জেংৰাইমুখ বৰপমুৱা পাৰঘাটৰ নাওবোৰ আৰক্ষীয়ে জব্দ কৰে।
- Log in to post comments
- 17 views