নৰেন শৰ্মা,বাহাৰঘাট:
অন্ধ্ৰ প্ৰদেশলৈ কৰ্মসংস্থাপনৰ সন্ধানত গৈ ওভতি অহা এজন যুৱক কাঁঁহ-পানীলগা ৰোগত আক্ৰান্ত হোৱাত ক'ৰ’না ভাইৰাছৰ গ্ৰাসত পৰা বুলি বাহাৰঘাট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷উল্লেখ্য যে অঞ্চলটোৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত পূৰ্নদৈচপৰা(লহকৰপাৰা)গাৱঁৰ দিলীপ শৰ্মাৰ পুত্ৰ নিলোৎপল শৰ্মা(২০)ই আজিৰে পৰা এমাহ পূৰ্বে অন্ধ্ৰপ্ৰদেশলৈ কৰ্মসংস্থাপনৰ বাবে গৈছিল৷তাতে কৰ্মৰ সন্ধান কৰি এমাহ সময় বন্ধুৰ সতে কটাই যোৱা পোন্ধৰ মাৰ্চত নিজ ঘৰলৈ ৰে'ল যোগে ওভতি আহে৷ওভতি অহাৰ পিচৰে পৰা নিলোৎপল কাঁঁহ আৰু পানীলগা ৰোগত আক্ৰান্ত হয়৷উক্ত ঘটনাত পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় আশা কৰ্মীক অৱগত কৰায়৷আশাকৰ্মীয়ে স্থানীয় সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ যোগেৰে ঘগ্ৰাপাৰ পি এইছ চিক অৱগত কৰাই৷উক্ত খবৰৰ ভিত্তিত আজি পুৱা ঘগ্ৰাপাৰ পি এইছ চিৰ চিকিৎসক ডা°পাৰিহা নাছৰিনৰ নেতৃত্বত এটি স্বাস্থ্য কৰ্মীৰ দল নিলোৎপলৰ ঘৰত উপস্থিত হৈ তেওঁৰ সাক্ষাৎ গ্ৰহণ কৰে৷সাক্ষাৎ লৈ ডা°নাছৰিনে কয় যে এইটো ক'ৰ'না ভাইৰাছজনিত ৰোগৰ লক্ষণ নহয় যদিও পৰিয়ালৰ লোক বা অন্য লোকৰ পৰা সাময়িকভাৱে দূৰত্ব বজাই ৰখাটো ভাল৷আনহাতে অঞ্চলটোৰ দেহাৰকুছি গাৱঁৰ বীৰেন্দ্ৰ নাথ শৰ্মাৰ পুত্ৰ-বোৱাৰী পুণেৰ পৰা দুদিন আগতে উভতি আহিছিল,শুকুৰবাৰে চিকিৎসকৰ দলটিয়ে এওঁলোকৰো সাক্ষাৎ গ্ৰহণ কৰি স্বাস্থ্যৰ বুজ লয়৷ইয়াৰোপৰি আজি ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ উদ্যোগত কেইবাখনো সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক ক'ৰ’না ভাইৰাছৰ পৰা হ'ব পৰা বিপদৰ বিষয়ে সজাগ কৰে৷তদুপৰি,প্ৰতিদিনে মাইক যোগে ঘোষণা দিয়াৰ উপৰিও অঞ্চলটোৰ চুকে-কোণে সংহাৰী ভাইৰাছটোৰ পৰা ৰাইজক পৰিত্ৰাণৰ উপায়সমূহ বুজাই দিয়াৰ বাবে তৎপৰ হৈ পৰিছে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মা সমন্বিতে চিকিৎসা কৰ্মীসকলে৷
- Log in to post comments
- 596 views