ক'ৰ’না ভাইৰাছৰ আতংকত নলবাৰীৰ ঘাইপথ জনশূন্য

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা: 

বিশ্বত সন্ত্রাসৰ সৃষ্টি কৰা ক'ৰ’না ভাইৰাছৰ আতংকত এতিয়া অসমো ত্রস্তমান৷অসমত এই ৰোগ সংক্রমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিতৌ ন-ন নিষেধাজ্ঞা জাৰি কৰিছে৷ এফালৰ পৰা বন্ধ কৰাৰ নির্দেশ দি গৈছে জনসমাগম হ’ব পৰা সকলো অনুষ্ঠান-প্রতিষ্ঠান আৰু সভা-সমিতি৷ সকলোকে সতর্ক হৈ এই ৰোগৰ পৰা নিজকে বচাই ৰখাৰ বাবে আহবান জনাইছে ৰাজ্য চৰকাৰে৷ইফালে,ক'ৰ’না ভাইৰাছৰ আতংকৰ বাবে ৰাজ্যৰ প্রায় সকলো প্রকাৰৰ ব্যৱসায়ত ব্যাপক প্রভাৱ পৰিছে।শুকুৰবাৰে দিনৰ ভাগত নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ প্রায় জনশূন্য হৈ পৰিছে৷এই ৰোগ সংক্রমণৰ আশংকাত অসম চৰকাৰে  শুকুৰবাৰৰ  পৰা বিদ্যুৎ বিভাগৰ কোনো কার্যালয়লৈ অত্যন্ত জৰুৰী কাম নাথাকিলে নাযাবলৈ আহবান জনাই সকলো যোগাযোগ ডিজিটেল মাধ্যমেৰে কৰিবলৈ জাননী জাৰি কৰিছে৷ইয়াৰ উপৰি এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত ক'ৰ’না ভাইৰাছৰ প্রভাৱ পৰাত নাগৰিকপঞ্জীত নাম নথকাসকললৈ প্রেৰণ কৰিবলৈ প্রস্তুত কৰা ৰিজেকশ্যন শ্লিপ সদ্যহতে প্রেৰণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷একেদৰে ক'ৰ’না ভাইৰাছ সন্দর্ভত উৰাবাতৰি অথবা অপপ্রচাৰ নিবিয়াপাবলৈ সকীয়াই দিছে অসম আৰক্ষী বুলি জনা গৈছে ৷উল্লেখযোগ্য যে চৰকাৰে ইতিমধ্যে ৰাজ্যত সকলো চৰকাৰী আৰু বেচৰকাৰী ৰাজহুৱা অনুষ্ঠান বাতিল কৰিছে৷ অসম চৰকাৰে ইতিমধ্যে বাৰ,পাব,চেলুন, বিউটি পার্লাৰ আদি বিভিন্ন প্রতিষ্ঠান বন্ধ কৰাৰ পাছত এইবাৰ ৰেস্তোৰাঁ বন্ধৰ নির্দেশ দিছে যদিও একাংশ বিউটী পাৰ্লাৰ বন্ধ নকৰাৰ অভিযোগ আহিছে।

Your Comments