শিৱসাগৰৰ জিলা উপায়ুক্তৰ চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতে বৈঠক:ক'ৰ'না সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাৱলীৰ সন্দৰ্ভত আলোচনা

Pic

শিৱসাগৰৰ প্ৰতিবেদক:

নভেল ক'ৰ'না ভাইৰাছ ৰোগৰ বিশ্বজুৰি সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাতো প্ৰশাসনে প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চাহ বাগিচা সমূহত গ্ৰহণ কৰিবলগীয়া সাৱধানতামূলক ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ অর্থে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনৰ চাহ বাগিচাসমূহৰ পৰিচালক সকলৰ সৈতে যোৱা ১৮ মাৰ্চত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।সভাত উপায়ুক্ত গৰাকীয়ে চাহ বাগিচাসমূহৰ পৰিচালক সকলক জিলাখনৰ বাগিচা এলেকা সমূহত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যাৱতীয় সতৰ্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ লগতে বাগিচাসমূহৰ কৰ্মচাৰী সকলকো এইক্ষেত্ৰত সচেতন কৰিবলৈ আহ্বান জনায়। তেওঁ বাগিচাসমূহত থকা চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ সমূহত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপস্থিতি সুনিশ্চিত কৰাৰ লগতে প্ৰয়োজনীয় দৰৱসমূহ মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ সমূহত কেইটিমান আছুতীয়া কক্ষও মজুত ৰাখিবলৈও আহ্বান জনায়। জিলা উপায়ুক্তই পৰিচালক সকলক কৰ্মচাৰী সকলৰ মজুৰি প্ৰদানৰ দিনত শাৰী পাতোতে তেওঁলোকৰ মাজত অতিকমেও এক মিটাৰ দূৰত্ব বজাই ৰখাটো নিশ্চিত কৰিবলৈ কয়। লগতে কৰ্মচাৰী সকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত হাত ধোৱাৰ বাবে পানী আৰু চাবোনৰ ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়। জিলা উপায়ুক্তই বাগিচাসমূহত ক'ৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যাৱতীয় সতৰ্কতামূলক ব্যৱস্থাসমূহৰ বিষয়ে বুজ ল'বলৈ তেওঁ নিজে পৰিদৰ্শন কৰিব বুলি সদৰি কৰে। তেওঁ ক'ৰ'না ভাইৰাছ সম্পৰ্কীয় কোনো উৰাবাতৰিক প্ৰশ্ৰয় নিদিবলৈ আৰু ভীতিগ্রস্ত নহ'বলৈ লগতে প্ৰয়োজনীয় সতৰ্কতা মূলক ব্যৱস্থাসমূহ যেনে: দুয়োখন হাত যিমান পাৰি সঘনাই চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখা, চকু-কাণ-নাক হাতেৰে স্পৰ্শ কৰাৰ পৰা পাৰ্যমানে বিৰত থকা, হাঁচি-কাঁহ-চৰ্দি হৈ থকা লোকৰ সংস্পৰ্শৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়। জিলা উপায়ুক্তই সভাত উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ মজদূৰ সংঘৰ প্ৰতিনিধি সকলক ৰাইজৰ মাজত এইসমূহ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সকলোকে জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই নভেল ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা পৰ্য্যায়ত গ্ৰহণ কৰা সতৰ্কতা মূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ জনায় যে, জিলাখনৰ ইতিমধ্যে আশাকৰ্মী সকলে সৰু সৰু গোটত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ডাঃ হেমন্ত কুমাৰ বৰুৱাক ন'ডেল বিষয়া হিচাপে লৈ এটি তাৎক্ষণিক সঁহাৰি দল (Rapid Response Team) ইতিমধ্যে গঠন কৰা হৈছে। সভাত জিলা যক্ষ্মাৰোগ বিষয়া ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ মাধ্যমেৰে ক'ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃত প্ৰতিবেদন আগবঢ়ায়। সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাস, মহকুমা স্বাস্থ্য বিষয়াসকল, শ্ৰম বিভাগৰ বিষয়াৰ লগতে অন্যান্য চৰকাৰী বিভাগ সমূহৰ বিষয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে, সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই ৰাইজে হাত ধোৱাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যে উপায়ুক্ত কাৰ্যালয় চৌহদত সংস্থাপন কৰা এক বেচিন মুকলি কৰে। তেওঁ ৰাইজক সঘনাই চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰিবলৈ আহ্বান জনায়।

Your Comments