গোলাঘাটত মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস উদযাপন

Pic

গোলাঘাটৰ প্ৰতিবেদক:

সমগ্ৰ অসমৰ লগতে গোলাঘাটতো উদযাপন কৰা হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত 'শিল্পী দিৱস'।এই উপলক্ষে গোলাঘাটৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত    শুকুৰবাৰে  গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত ৰূপকোঁৱৰক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে  স্থানীয়  ৰাইজে।জিলা কাৰ্যালয়ৰ শ্বহীদ ভৱনত অনুষ্ঠিত হোৱা শিল্পী দিৱস পালনৰ জ্যোতি স্মৰণ সভাত পোন প্ৰথমে পতাকা উত্তোলনৰ পিছতে শ্বহীদ তৰ্পণ , ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শেষত ৰূপকোঁৱৰৰ গীত,কবিতা পৰিৱেশনেৰে শিল্পীজনক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি,গোলাঘাটৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত অৱস্থিত শিল্পীজনাৰ প্ৰতিমূৰ্তিত পুৱা গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাইজে পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে।

Your Comments