'কা' বাতিলৰ দাবীত মাজুলীত 'ৰণশিঙা' 

Pic

ৰাজীৱ পাতিৰ,মাজুলী:

বিতৰ্কিত আইন নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বিৰোধী আন্দোলনে মাজুলীত ক্ৰমান্বয়ে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে । পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ তথা বিভিন্ন দল-সংগঠনৰ সহযোগত বৃহস্পতিবাৰে ৰাওনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা 'ৰণশিঙা' শীৰ্ষক বিশাল প্ৰতিবাদী কাৰ্যসূচীত মাজুলীৰ সহস্ৰাধিক লোকে থলুৱা ক্ৰমে- বাদ্য ডবা,শংখ,কাঁহ,বৰতাল বজাই শীঘ্ৰে 'কা' বাতিল কৰাৰ দাবীত ৰণশিঙা বজায় প্ৰতিবাদী জনতাই।

Pic

পুৱা এঘাৰ বজাৰ লগে লগে মাজুলীৰ বিভিন্ন অঞ্চলৰ পৰা আহি সমবেত হোৱা প্ৰতিবাদী জনতাই জাতিধ্বংসী আইন 'কা' বাতিল কৰক; 'কা' আমি নামানো; 'কা’ আমাক নালাগে; জাতিধ্বংসকাৰী বিজেপি চৰকাৰ হায় হায়; নৰেন্দ্ৰ মোডী-অমিত শ্বাহ মুৰ্দাবাদ;ইনক্লাব  জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে ৰাৱনাপাৰৰ আকাশ-বতাহ কপাই তোলে । 'কা' বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া ৰাজ্যৰ পাঁচগৰাকী শ্বহীদৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত প্ৰতিবাদী কাৰ্যসূচীৰ  শুভাৰম্ভ কৰা হয়। বনগাঁও আৰু বাঘৰগাঁঁৱৰ শিল্পীসকলৰ দ্বাৰা গায়ন-বায়ন প্ৰদৰ্শন কৰাৰ লগতে ৰাৱনাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰই ঢোলবাদন প্ৰদৰ্শন কৰি বিতৰ্কিত  'কা’ৰ বিৰুদ্ধে প্ৰতিবাদ   সাব্যস্ত  কৰে। ৰণশিঙাত অংশগ্ৰহণ কৰি মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পৱিত্ৰ গোস্বামীয়ে কয় যে অসম চুক্তি নস্যাৎ কৰিব পৰা সাম্প্ৰদায়িক এই আইন কোনো কাৰণত মানি লোৱা নহ’ব । মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই বক্তব্যত কয়-'১৯৭১ চনলৈকে অহা অবৈধ বিদেশীৰ বোজা অসমে গ্ৰহন কৰিলে । তাৰপিছত অহা এজনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে।'মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে ক্ষমতালৈ অহা চৰকাৰক প্ৰলোভন, দমন আৰু বিভাজনৰ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে।জাতিধ্বংসী 'কা’ বাতিল নহ'লে এই আন্দোলনে অধিক জংগীৰ  হ'ব বুলি হুংকাৰ প্ৰদান কৰে সাধাৰণ সম্পাদক শৰ্মাই ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মুনিন্দ্ৰ ভূঞাই বক্তব্য প্ৰদান কৰি কয়-'অসমীয়া জাতিৰ ভাষা,কৃষ্টি-সংস্কৃতি আদিলৈ ভয়ংকৰ ভাবুকি সৃষ্টি কৰা জাতিধ্বংসী আইনখন বিজেপি চৰকাৰখনে সেচ্ছাই বাতিল কৰিব লাগিব । ইয়াৰ ব্যতিৰেকে  বিজেপিক চিৰদিনলৈ মনৰ পৰা বিদায় জনাব অসমৰ খিলঞ্জীয়া জনতাই । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক অলিন হাজৰিকা,চাগুৰি সত্ৰৰ ড° হেমচন্দ্ৰ গোস্বামী,সাংবাদিক সন্থাৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক বিপিন শইকীয়াৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে । অনুষ্ঠানত আঁত ধৰে পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অনন্ত দাস আৰু কাকুমণি কলিতা।

Your Comments