চৰকাৰে যদি বাংলাদেশীক বিধায়ক পাতিছে, তেতিয়া হ'লে তেওঁলোকক বহিষ্কাৰ কৰাৰ দায়িত্বও চৰকাৰৰ'-ৰিপুণ বৰা  

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'কা' বাতিলৰ দাবীত বুধবাৰে সন্ধিয়া বঙাইগাঁৱত কংগ্ৰেছ দলে জোঁৰ সমদল উলিয়ায় ৷ এই জোঁৰ সমদল কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰায়ো অংশগ্ৰহণ কৰে ৷ বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত আৰু বঙাইগাঁও ব্লক কংগ্ৰেছ ,জিলা যুৱ কংগ্ৰেছ তথা জিলা মহিলা কংগ্ৰেছৰ সহযোগত বঙাইগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা উলিওৱা জোঁৰ সমদল জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে গৈ মূল পথেৰে চিলাৰায় দৈনিক বজাৰ,জিলা অগপ কাৰ্যালয় পাৰ হৈ ভিতৰুৱা পথেৰে বাঘেশ্বৰী মন্দিৰৰ সন্মুখেৰে সমদল কৰি গৈ পুনৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত সামৰণি মাৰে ৷ জোঁৰ সমদলকাৰীসকলে গোটেই পথছোৱাত 'কা' আমি নামানো , ' কা' বাতিল কৰক , জয় আই অসম, এজিপি মুৰ্দাবাদ , বিজেপি মুৰ্দাবাদ ,ফনীভূষণ চৌধুৰী মুৰ্দাবাদ ,এজিপি লেইলেই ছেইছেই , বিজেপি লেইলেই ছেইছেই, নৰেন্দ্ৰ মোদী হায় হায় , হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান মুখৰিত কৰি তোলে।ইফালে, জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে এই জাতিধ্বংসী 'কা' আইন বাতিল কৰিব লাগে আৰু এই আইনখন বাতিলৰ দাবীত আমি কংগ্ৰেছ দলে শদিয়াৰ পৰা ধুবুৰীলৈকে মহাজাগৰণ যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ বঙাইগাঁৱতো এই কাৰ্যসূচীৰ অংশ হিচাপে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ আনহাতে,ধেমাজিত অনুষ্ঠিত বিজেপিৰ সভাত বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ৯০ শতাংশ বিধায়কে হয়তো বাংলাদেশী বুলি কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰক ৷ যদি বাংলাদেশী তেতিয়াহ'লে তেওঁৰ চৰকাৰে কি কৰি আছে ৷ তেওঁৰ চৰকাৰে বহিষ্কাৰ নকৰে কিয় ? তদুপৰি,যদি বাংলাদেশী তেতিয়াহ'লে তেওঁৰ চৰকাৰে চিনাক্ত নকৰে কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ লগতে কয় যে যদি বাংলাদেশী বিধায়ক আছে, তেতিয়াহ'লে তেওঁৰ চৰকাৰহে জগৰীয়া ৷ দিল্লীত মোদীহে প্ৰধানমন্ত্ৰী হিচাপে আছে ৷ তেওঁলোকৰে চৰকাৰ আছে ৷ চৰকাৰে যদি বাংলাদেশীক বিধায়ক পাতিছে, তেতিয়া হ'লে তেওঁলোকক বহিষ্কাৰ কৰাৰ দায়িত্বও চৰকাৰৰ ৷ কিয় বহিষ্কাৰ নকৰে আৰু নাম নকয় কিয়? গতিকে এনেকুৱা ধৰণৰ বিভাজন আৰু সাম্প্ৰদায়িক মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাই অসমখন শেষ কৰিবলৈ বিচাৰিছে ৷ তেওঁৰ এই সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন সৃষ্টি কৰি অসমখন শেষ কৰিব বিচাৰিছে আৰু আমি অসম ৰক্ষা কৰিব ওলাইছো ৷ সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া 'খেলো ইণ্ডিয়া'ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও শেহতীয়াভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্যসূচী বাতিল কৰাত বিষয়টো সন্দৰ্ভত সাংবাদিকে সভাপতিগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমলৈ আহিবলৈ মানসিকভাৱে সাহস গোটাব পৰা নাই ৷ গতিকে,বিজেপি যদি ইমানেই জনপ্ৰিয় আৰু তেওঁলোকৰ ইমানেই জনসমৰ্থন আছে, তেতিয়াহ'লে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহে কিয়? কাৰণ বিজেপিয়ে তেওঁলোকৰ সমাৱেশত লাখ লাখ মানুহৰ সমাগম হোৱা বুলি দাবী কৰিছে ৷ বুধবাৰেও ধেমাজিত হাজাৰ হাজাৰ মানুহ লৈ সমাৱেশ পাতিছে ৷ ইতিমধ্যে,প্ৰথমবাৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে অসম ভ্ৰমণলৈ অহাৰ কথা আছিল যদিও বাতিল কৰিছে ৷ দ্বিতীয়বাৰ পুনৰ তেওঁ অসম ভ্ৰমণ বাতিল কৰিছে ৷ তেওঁৰ অসমৰ মানুহৰ সন্মুখীন হ'বলৈ সাহস নাই ৷ অসমৰ ৰাইজৰ এই প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁৰ সাহস নাই ৷ সেই কাৰণে তেওঁ অসমলৈ নাহে ৷ তেওঁ আহিব লাগে আৰু নিজে আহি চাই যাওক অসমত কি হৈ আছে ৷ কেৱল ভাৰাতীয়া মানুহ আনি তেওঁলোকে শান্তি সমদল কৰিলেই অসম শান্ত নহয় ৷ উল্লেখ্য যে সভাপতিগৰাকীয়ে ইয়াৰ পূৰ্বে বঙাইগাঁও জিলাৰ ধনতোলাত অনুষ্ঠিত জনজাগৰণ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সেইদৰে জিলাখনৰ গেৰুকাবাৰীতো অনুষ্ঠিত জনজাগৰণ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ জোঁৰ সমদল কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, কংগ্ৰেছ নেতা গিৰীশ বৰুৱাৰ লগতে অন্যান্য নেতাসকল, জিলা যুৱ কংগ্ৰেছ, জিলা মহিলা কংগ্ৰেছৰ নেতা- কৰ্মী আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ 

Your Comments