বঙাইগাঁৱৰ প্ৰতিবেদক:
ৰাইজৰ চ'ৰাৰ ষষ্ঠখন বৈঠক মঙলবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ সদনেক সিঙৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । এই বৈঠকত ৰাইজৰ অভাৱ- অভিযোগ কোষটোৱে মুঠ ৬ খন অভিযোগ পত্র গ্ৰহণ কৰি পঞ্জীয়ণভুক্ত কৰে যদিও তাৰে এজন অভিযোগকাৰী উপস্থিত নথকাৰ বাবে এখন বাতিল কৰি বাকী ৫ খন অভিযোগ পত্র বৈঠকত উপস্থাপন কৰা হয় । ইয়াৰ পিছত প্ৰতিগৰাকী অভিযোগকাৰীয়ে বৈঠকত উপস্থিত হৈ অভিযোগপত্রত উল্লিখিত বিষয় সন্দৰ্ভত মৌখিক ভাষ্য অৱগত কৰে । অভিযোগৰ বিষয়সমূহ আছিল বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত এলেকাৰ নলাসমূহ পকীকৰণ পদ্ধতিৰে নিৰ্মাণ কৰা , বজাৰৰ মাটি ব্যক্তিগত লোকৰ নামত সন্নিবিষ্ট হোৱা, পানী যোগান আচঁনিৰ কাম সম্পূৰ্ণ কৰা,নীতিবিহীনভাৱে ৰাজহ আদায়,বিদ্যাপুৰ এলেকাত অৱস্থিত চিচি উদ্যোগৰ শব্দ প্ৰদূষণ ৰোধ কৰা আদি । এই আটাইবোৰ অভিযোগ দৃষ্টি গোচৰ কৰি উপায়ুক্ত ডাঃসদনেক সিঙে সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলক উক্ত বিষয় সন্দৰ্ভত অনুসন্ধান কৰি তৎকালীনভাৱে কামসমূহ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশযোগ পত্রসমূহ ভগাই দিয়ে।এই বৈঠকত বঙাইগাঁও জিলাৰ উন্নয়ণ আয়ুক্ত চন্দ্ৰা দেৱী , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে ধ্ৰুৱজ্যোতি দাস , অনুপম ডেকা , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , সহকাৰী আয়ুক্তসকল , ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও//19
9435243911
- Log in to post comments
- 13 views