বঙাইগাঁৱত শ্ৰমিক-কৃষকৰ প্ৰতিবাদী বিক্ষোভ:প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগত খণ্ডত দিয়াৰ প্ৰতিবাদত তথা ৰন্ধন কৰ্মক এনজিঅ'ক দিয়া বন্ধ কৰা, সকলো শ্ৰমিকক ন্যুনতম ১৮০০০ টকা মজুৰি দিয়া,এমজিএনৰেগাৰ সঠিক ৰূপায়ণ ,কৃষকৰ ফচলৰ লাভজনক দাম বান্ধি দিয়া  আদিৰ  দাবীত চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা,নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, এছ এফ আই আৰু ডি ৱাই এফ আইৰ  বঙাইগাঁও- চিৰাং জিলা সমিতিয়ে মঙলবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  শ্ৰমিক- কৃষকৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিক্ষোভ কাৰ্যসূচীৰ পূৰ্বে বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত উৰণীয়া সেতুৰ কাষৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদকাৰীসকলে  প্ৰতিবাদী সমদলো উলিয়ায় ৷ চহৰৰ মাজেৰে উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ আৰু প্লেকাৰ্ড লৈ নানা শ্লোগান দি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্লোগানো দি পৰিৱেশ উত্তাল কৰি তোলে ৷ পিচত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন ১৫ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰত সংগঠন পাঁচটাৰ জিলা সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাত চেনি আৰু কেৰাচিন তেল যোগান ধৰাটো নিশ্চিত কৰা ,অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত দেশী- বিদেশী বৃহৎ পুঁজিপতিৰ লুণ্ঠনৰাজ বন্ধ কৰা, আই চি ডি এছ,এম ডি এম, এন এইছ এম আদি আঁচনিভুক্ত কৰ্মচাৰীসকলক বিভাগীয় কৰ্মচাৰীৰ    মৰ্যাদা দিয়াৰ লগতে ন্যুনতম মজুৰি আদায় দিয়া আৰু   মধ্যাহ্ন   ভোজন    আঁচনি     এন জি অ'ক দিয়া বন্ধ কৰা;বেংক-বীমা,বিদ্যুৎ, ৰে'ল, প্ৰতিৰক্ষা,তৈলক্ষেত্ৰ, কয়লা, বিমান কোঠসহ সকলো ৰাজহুৱা খণ্ডৰ উদ্যোগত বেচৰকাৰীকৰণ কৰাৰ অভিযান বন্ধ কৰা,ঠিকা শ্ৰমিক সহকাৰে সকলো শ্ৰমিকৰ ন্যুন্যতম মজুৰি মাহিলি ১৮,০০০ টকা ধাৰ্য কৰাৰ লগতে মটৰ ভেহিক'ল ( সংশোধনী) আইন বাতিল কৰা, কৃষকৰ উৎপাদিত ফচলৰ নাৰ্য দাম দিয়া আৰু কৃষি ঋণ মাফসহ স্বামীনাথন কমিটীৰ।   ।পৰামৰ্শ   কার্যকৰী   কৰা, ভূমিহীনক ভূমি,পট্টাহীনক পট্টা দিয়াৰ লগতে বন অধিকাৰ আইন কাৰ্যকৰী কৰা,বিকল্প অবিহনে সকলো প্ৰকাৰৰ কৃষক উচ্ছেদ বন্ধ কৰা, বান আৰু গৰাখহনীয়াৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰাৰ লগতে খৰাং আৰু বানপীড়িত অঞ্চলত সময় মতে পৰ্যাপ্ত সাহাৰ্য পোৱাটো নিশ্চিত কৰা,খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা, সকলো কৃষক আৰু শ্ৰমিককে ৬০০০ টকাকৈ মাহিলি পেঞ্চনৰ ব্যৱস্থা কৰা, ক্ষুদ্ৰ আৰু খুচুৰা ব্যৱসায়ত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ( এফ ডি আই) বন্ধ কৰা, এম জি এনৰেগা জব কাৰ্ড থকা সকলো শ্ৰমিকৰ বছৰেকত ২০০ দিনৰ কাম দিয়াটো নিশ্চিত কৰাৰ লগতে দৈনিক ৪০০ টকা মজুৰি আদায় দিয়া, সমান কামৰ সমান মজুৰি আদায় দিয়াৰ লগতে মহিলা শ্ৰমিকৰ কাম আৰু মজুৰি,কৰ্মস্থলীত নিৰাপত্তা সুনিশ্চিত কৰা, দলিত আৰু সংখ্যালঘু সম্প্ৰদায়ৰ শ্ৰমিক তথা কৃষকৰ ওপৰত চলি থকা নিৰ্যাতন- অত্যাচাৰ বন্ধ কৰাৰ বাবে প্ৰশাসনিক ব্যৱস্থা কঠোৰ কৰা, ধৰ্ম নিৰপেক্ষতা আৰু ঐক্য-সংহতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সকলো প্ৰকাৰৰ সাম্প্ৰদায়িক কৰ্মকাণ্ডৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা,ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব বিচৰা নাগৰিত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসমৰ বান - গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ লগতে বান - গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰাৰ দাবী উত্থাপন কৰে ৷ স্মাৰকপত্ৰখন কাৰ্যবাহী দণ্ডাধীশে গ্ৰহণ কৰে ৷  ইপিনে, প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰমিক নেতা তথা অধিবক্তা হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নাইবা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দি আছে যদিও এটাৰ পিছত এটাকৈ ৰাজহুৱা শিল্প বন্ধ কৰি দি আছে ৷সেয়ে আমি অনুভৱ কৰিছো যে আমাৰ দেশৰ তথা ৰাজ্যখনৰ যি সাধাৰণ শ্ৰমিক, শিক্ষিত বা অশিক্ষিত নিবনুৱা যুৱকসকলৰ কৰ্মপ্ৰাপ্তিৰ যি সম্ভাৱনীয়তা এটাৰ পিছত এটাকৈ নাইকিয়া হৈ গৈ আছে ৷ ইয়াৰ ফলত কেৱল আমাৰেই ক্ষতি নহয় বৰং সমগ্ৰ দেশৰ সম্পদৰ ক্ষতি হৈছে ৷ ঠিক তেনেকৈ কৃষকসকলো আজি সমস্যা ভোগ কৰি আহিছে ৷ উৎপাদিত শস্যৰ নাৰ্যপ্ৰাপ্য দাম পোৱা নাই ৷ ফলত কৃষকসকল আজি হতাশ হৈছে আৰু বিভিন্ন প্ৰান্তত কৃষকে আত্মহত্যা কৰিবলগীয়া হৈছে ৷ কিন্তু ইয়াৰ অৱসান কেতিয়া হ'ব? সেয়ে আমি এই পাঁচটা গণ সংগঠনে একত্ৰিত হৈ এই অৱস্থাৰ অৱসানৰ বাবে আহ্বান জনাই চৰকাৰক সচেতন কৰি দিয়াৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ যদিহে এই কাৰ্যসূচীৰ পিছতো চৰকাৰ সচেতন নহয়, তেতিয়াহ'লে অহা আঠ জানুৱাৰীত সমগ্ৰ দেশবাসীৰ লগতে অসম তথা আমাৰ জিলাৰ জনসাধাৰণে সৰ্বভাৰতীয় সৰ্বাত্মক ধৰ্মঘটলৈ যোৱাৰ বাহিৰে আৰু বিকল্প নাই বুলি কয়।

Your Comments