শিৱসাগৰত 'সংবিধান দিৱস' পালন:ছাত্ৰ-ছাত্রীয়ে পাঠ কৰিলে সংবিধানৰ প্ৰস্তাৱনা

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত দিনযোৰা বিস্তৃত কাৰ্যসূচীৰে মঙলবাৰে 'সংবিধান দিৱস' পালন কৰা হয়। দিৱসৰ অংশৰূপে কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰে আৰু ভাৰতক গণতন্ত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সংবিধানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হয়। অনুষ্ঠানত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃসব্যসাচী মহন্তই কয় যে দ্বিতীয় মহাসমৰৰ পিছত বৃটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই যাত্ৰাৰ পথ নিৰ্দেশনা ভাৰতীয় সংবিধানৰ আধাৰত নিৰ্ধাৰণ কৰা হৈছিল ।ভাৰতীয় সংবিধানে ইয়াৰ প্ৰস্তাৱনাৰ জৰিয়তে প্ৰতিজন নাগৰিকক ভেদাভেদ আৰু বৈষম্যবিহীন সমাজ ব্যৱস্থাৰ লগতে সমতা,স্বতন্ত্ৰতাৰ অধিকাৰ প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে। সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ,মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্যসমূহ নিৰ্দ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মহন্তই সেইসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে ২০১৫ বৰ্ষৰ পৰা দেশজুৰি 'সংবিধান দিৱস' পালন কৰি অহা হৈছে বুলি ভাষণত ব্যক্ত কৰে।

Pic

অনুষ্ঠানত আন এজন সমল ব্যক্তি পোনাৰাম মিলিয়ে কয় যে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণ পৰিষদত গৃহীত হোৱাৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা সংবিধান কাৰ্যকৰী হোৱাৰ পাছৰ পৰাই আমাৰ দেশৰ জনতাই প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থাৰ সুবিধা লাভ কৰিছিল। তেওঁ সংবিধানৰ ইতিহাস সুঁৱৰি ছাত্ৰ-ছাত্ৰীৰ অন্তৰত সংবিধানৰ নীতি আদর্শ প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এক সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে ঘোষণা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি দেশৰ নাগৰিকসকলৰ বাবে ন্যায় বিচাৰ, সাম্য আৰু স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে সংবিধানে জাতীয় সংহতি ৰক্ষাৰ সমান্তৰালভাৱে নাগৰিকসকলৰ পৰস্পৰৰ মাজত ভাতৃভাব জাগ্ৰত কৰাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। শিৱসাগৰ জিলাৰ উন্নয়ন আয়ুক্ত নাবাব আল অজহাৰৰ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহানাৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে পুৱা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত থকা দাদা চাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি আৰু শ্ৰদ্ধা নিবেদন কৰি এই দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলা হয়।কাৰ্যসূচীত জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া আদিকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী উন্নয়ন সমিতি, অ' এন জি চি, অসম সম্পদে সহযোগিতা আগবঢ়ায়।

Your Comments