ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দিয়াৰ লক্ষ্যৰে মুকলি হ’ল কলিয়াপানী ফেক্টৰী

tea_assam

অসমত উৎপাদিত মুঠ চাহৰ ৫০ শতাংশ ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে যোগান ধৰে৷ অসমৰ অৰ্থনীতিলৈ অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিছা কৰা অসমীয়া যুৱকসকলে ৷ অসমত বৰ্তমানলৈ গঢ়ি উঠিছে ১ লাখ ৪০ হাজাৰতকৈয়ো অধিক ক্ষুদ্ৰ চাহ বাগিছা৷ শিক্ষিত নিবণুৱাসকলৰ সংস্থাপন এক অন্যতম পথ হৈ পৰিছে ক্ষুদ্ৰ চাহ বাগিছাসমূহ৷

phukan_assam

 

পৰিতাপৰ বিষয় যে এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধান কৰাত সকলো চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ কাৰ্যকৰি ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ বৰ্তমানে চাহ খেতিয়কসকলে সন্মুখিন হৈ অহা সমস্যাসমূহৰ ভিতৰত তিনিটা অন্যতম ৷ প্ৰথমটো নিজস্ব ভূমি নথকা সমস্যা, দ্বিতীয়তে চৰকাৰে নির্দ্ধাৰণ কৰি দিয়াৰ পিছতো খেতিয়কসকলে চাহ পাতৰ ন্যুন্যতম মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে৷ তৃতীয়তে নিজস্বভাৱে উৎপাদন কৰিবলৈ চাহ ফেক্টৰীৰ অভাৱ ৷

tea_factory

টিয়ক অঞ্চলত তৃতীয়টো সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিছে অঞ্চলটোৰ এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতাপ শইকীয়া৷ টিয়কৰ কলিয়াপানী অঞ্চলত অলপতে প্ৰতাপ শইকীয়াই আৰম্ভ কৰিছে ‘কলিয়াপানী চাহ ফেক্টৰী’৷ চাহ ফেক্টৰীটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ অৰ্থে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাইজৰ উপস্থিতি কলিয়াপানী চাহ ফেক্টৰীটোৰ প্ৰঙ্গনত অনুষ্ঠিত হোৱা সভাত বহুকেইজন চিন্তাশীল ব্যক্তি আৰু দল-সংগঠনৰ নেতৃবৰ্গই বক্তব্য আগবঢ়ায় ৷

আব্দুল গফুৰ আহমেদে আঁতধৰা সভাখনত ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱি, চিন্তাবিদ তথা নিউজ এ এছ এনৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা আৰু ইয়াৰ সমাধানৰ প্ৰসঙ্গত বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷ উক্ত সভাত উপস্থিত থাকে যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি দুৰ্লভ বৰা, সাধাৰণ সম্পাদক নাছিৰুদ্দিন আহমেদ, অগপৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক সৌৰভ প্ৰাণ বৰা, চঞ্চল ৰাজখোৱা, পুতুল বুঢ়াগোহাঁই, উৎপল বৰুৱা, দীপক চৌধুৰী, স্থানীয় চেণ্টেল বেংকৰ মেনেজাৰ অভিজিত শীলাই চাহ ফেক্টৰীটো স্থাপনৰ বাবে প্ৰতাপ শইকীয়ালৈ শুভেচ্ছা আগবঢ়াই বক্তব্য ৰাখে৷

phukan_assam

অনুষ্ঠানটোত ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীন কলিতা, সাধাৰণ সম্পাদক দিগন্ত শইকীয়াৰ লগতে সাংবাদিক আজিজুৰ ৰহমান হাজৰীকা, নৱজ্যোতি কলিতা, সমাজকৰ্মী ৰাজীৱ নেওগ, বিকাশ বৰদলৈ, ময়ূৰ ৰাজবৰুৱা, পুতুল বৰা, মঞ্জু দত্ত, লাচিত বৰাকে লৈ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

কলিয়াপানী চাহ ফেক্টৰীৰ স্বত্বাধিকাৰ প্ৰতাপ শইকীয়াই চাহ ফেক্টৰীটোৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে প্ৰাপ্য মূল্য লাভ কৰিব পাৰে আৰু উৎকৃষ্ট চাহ যাতে উৎপাদন কৰিব পৰা যায়, সেই দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি বক্তব্য আগবঢ়ায়৷ স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে ইমান দিনে সন্মুখিন হৈ অহা এটা ডাঙৰ সমস্যাৰ সমাধান হ’ব বুলি অনুভৱ কৰি উপস্থিত সকলো লোকে সন্তুষ্টি লাভ কৰা পৰিলক্ষিত হয় ৷ 

Your Comments