বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন

Pic

বঙাইগাঁৱৰ প্রতিবেদক:

'আমি নিজকে একবিংশ শতিকাৰ মানুহ হিচাপে চিনাকি দিছো, যদিও আজি আমি বিজ্ঞানৰ অগ্ৰগতিৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ বহু ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছো,তথাপি আজিও আমাৰ সমাজত বহু নাৰী নিৰ্যাতিতা হৈয়ে আছে ৷ এয়া হৈছে একমাত্ৰ জ্ঞানৰ পোহৰৰ অভাৱত ৷ সেইবাবেই আজি আমি সমগ্ৰ বিশ্বতে নাৰী নিৰ্যাতন বিৰোধী দিৱস উদযাপন কৰিছো' - এই ভাষ্য উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ মহিলা কোষৰ সভানেত্ৰী নীলিমা বিশ্বাসৰ ৷ সোমবাৰে বঙাইগাঁৱত মজদুৰ ইউনিয়নৰ চাৰিওটা শাখা ক্ৰমে বঙাইগাঁও, নিউ বঙাইগাঁও, ৰানিং আৰু কাৰখানা শাখাৰ মহিলা কোষসমুহৰ যৌথ উদ্যোগত আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস উপলক্ষে বঙাইগাঁৱৰ প্ৰিয় গুপ্ত মেমৰিয়েল হলত অনুষ্ঠিত হোৱা এক জনসভাত ভাষণ প্ৰদান কৰি এইদৰে মন্তব্য কৰে নেত্ৰীগৰাকীয়ে ৷ এই সভাত নীলিমা বিশ্বাস , জিলা সমাজ কল্যাণ বিষয়া হেমী বৰা, বিশিষ্টা অধিবক্তা জয়শ্ৰী বৰুৱা , ফেৰান্দো দমেষ্টিক ৱৰ্কাৰচ সংগঠনৰ চিষ্টাৰ নিশা , সমাজসেৱী জিতু দাসগুপ্তাকে ধৰি কেইবাজনো বিশিষ্টা মহিলা উপস্থিত থাকে ৷ সভাৰ অন্তত স্থানীয় শিল্পীৰ দ্বাৰা নাৰী নিৰ্যাতনৰ এক সঁচা কাহিনীৰ নাট্যৰূপ মঞ্চস্থ কৰা হয় ৷

Your Comments