"ৰাণ ফ'ৰ স্বচ্ছতা":শিৱসাগৰত স্বচ্ছতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে মিনি মাৰাথন প্ৰতিযোগিতা

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত টিপকাই নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে দেওবাৰে শিৱসাগৰত স্বচ্ছতাৰ লগতে সুস্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে "ৰাণ ফ'ৰ স্বচ্ছতা" শীৰ্ষক এটা মিনি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰে। পুৱা ৫:৩০ বজাত শিৱসাগৰৰ বৰপুখুৰী পাৰস্থিত পৰ্যটন তথ্য কেন্দ্ৰৰ সমুখৰ পৰা আৰম্ভ হোৱা তথা জয়সাগৰ পুখুৰী পাৰৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ ১৪৯ নং বেটেলিয়নৰ কাৰ্যালয়ৰ সমীপত অন্ত পৰা ৯ কিলোমিটাৰ পথত অনুষ্ঠিত এই মিনি মাৰাথন প্ৰতিযোগিতাত সমগ্র জিলাৰ পৰা এহেজাৰতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এই প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। জয়সাগৰ পুখুৰী পাৰৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বলৰ ১৪৯ নং বেটেলিয়নৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত প্ৰদান কৰা ভাষণত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে স্বচ্ছতাৰ এই ভাৱ এটা দিনতে সীমিত নাৰাখি, ইয়াক দৈনন্দিন জীৱনৰ অভ্যাসত পৰিণত কৰিব পাৰিলেহে এক সুন্দৰ সমাজৰ কল্পনা সম্ভৱ হ'ব।তেওঁ সকলোকে স্বাস্থ্য আৰু স্বচ্ছতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। এখন সুন্দৰ, প্ৰগতিশীল আৰু শক্তিশালী দেশৰ বুনিয়াদ ৰচনাৰ বাবে সুস্বাস্থ্য আৰু স্বচ্ছতাৰ দুয়োটাৰে গুৰুত্ব অপৰিসীম বুলি তেওঁ কয়। উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ভাষণত উল্লেখ কৰে যে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় খেলৰ বাবে উৎকৃষ্ট খেলুৱৈ চয়ন আৰু ক্রীড়া ক্ষেত্ৰৰ সামগ্ৰিক উন্নয়নৰ বাবে জিলাখনৰ বিদ্যালয় সমূহক সামৰি "খেল' শিৱসাগৰ খেল'" নামৰ এখন অভিলাষী প্ৰতিযোগিতা অনু্ষ্ঠিত কৰা হ'ব। তেওঁ সকলো ক্রীড়াৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। খেলুৱৈসকলক উৎসাহ প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰো তেওঁ আশ্বাস প্ৰদান কৰে। তেওঁ লগতে শিৱসাগৰ জিলাৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে জিলা প্ৰশাসনে "Soulful Sivasagar" অভিযানৰ অন্তৰ্গত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপ 'ৰংপুৰ উৎসৱ'ৰ বিষয় অৱগত কৰে। জিলাখনত বাৰেৰহনীয়া কাৰ্যসূচীৰে আগন্তুক বর্ষৰ ১০ৰ পৰা ১৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া 'ৰংপুৰ উৎসৱ'ৰ পূৰ্ণ সফলতাৰ বাবে সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে।তেওঁ কয় যে মাননীয় মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ জিলাক 'অসমৰ আত্মা' বুলি উল্লেখ কৰিছে,সেয়ে শিৱসাগৰৰ গৌৰৱ অক্ষুন্ন ৰখা আৰু বিশ্বৰ মানচিত্ৰত জিলাখনক সন্মানীয় আসন প্ৰদান কৰা সকলোৰে সমূহীয়া লক্ষ্য হোৱা উচিত আৰু এই দায়িত্ব সকলোৱে একনিষ্ঠ ভাৱে,সম্পূৰ্ণ শুদ্ধ অন্তঃকৰণেৰে পালন কৰিব লাগিব। দেওবাৰৰ মিনি মাৰাথনত প্ৰতিযোগীৰ অভিলেখসংখ্যক অংশগ্ৰহণ প্ৰত্যক্ষ কৰি অতি শীঘ্ৰে জিলাখনত 'ৰাণ ৰংপুৰ ৰাণ' শীৰ্ষক মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলি উপায়ুক্তই ঘোষণা কৰে। সামৰণি অনুষ্ঠানত 'ৰাণ ফ'ৰ স্বচ্ছতা' শীৰ্ষক অনুষ্ঠানত আয়োজিত মিনি মাৰাথন প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। মহিলা শাখাত প্ৰথম স্থান মানসী গগৈয়ে আৰু দ্বিতীয় স্থান নাডিয়া পাটৰে লাভ কৰে। পুৰুষৰ শাখাত প্ৰথম স্থান জানমণি মেচে আৰু দ্বিতীয় স্থান ৰাজেশ ৰঙহাৰে লাভ কৰে। ১৪ বছৰ অনুৰ্দ্ধৰ শাখাত প্ৰজ্ঞান গগৈয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰা খ্যাতনামা সত্তৰোৰ্ধৰ প্ৰবীণ এথলিট মোহিত্ৰী সন্দিকৈক এটা বিশেষ বঁটা প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত জিলা তথ্য আৰু জনসংযোগ বিষয়া ছৈয়দা হাচনাহানা, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়, ক্রীড়া পেঞ্চনাৰ দেৱজিত দত্ত, ক্রীড়া পেঞ্চনাৰ তথা সদৌ অসম এথলেটিক সন্থাৰ কোষাধ্যক্ষ বাবুল খান, শিৱসাগৰ জিলা ক্রীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, 'টিপকাই'ৰ বিষয়ববীয়াসকল, জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকল, ক্রীড়া সংগঠকসকল আৰু ভালেসংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷

Your Comments